/asomiyapratidin/media/media_files/2025/04/16/5HuwqApAIYyQ6tifWZQ8.jpg)
ডিজিটেল ডেস্ক : চলিত বিত্তীয় বৰ্ষত ভাৰতীয় ৰে’লৰ ৰাজহ বৃদ্ধি পাব। এই সম্ভাৱনা ব্যক্ত কৰিছে ক্ৰেডিট ৰেটিং এজেন্সী চমুকৈ ইক্ৰাই।
সংস্থাটোৰ এক বিশ্লেষণত কোৱা হৈছে যে, ভাৰতীয় ৰে’লৱে খণ্ডৰ ৰাজহ ৫ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এই খণ্ডৰ বাবে ওজনযুক্ত গড় অপাৰেটিং মাৰ্জিন ২০২৬ বিত্তীয় বৰ্ষত প্ৰায় ১২ শতাংশত স্থিৰ হৈ থাকিব। যিটো অপাৰেটিং লিভাৰেজৰ সুবিধা আৰু সুস্থিৰ ইনপুটৰ মূল্যৰ দ্বাৰা সমৰ্থিত হ’ব।
উল্লেখযোগ্য যে, ৰে’ল আন্তঃগাঁথনিত চৰকাৰী বিনিয়োগৰ মাজতে এই কথা প্ৰকাশ পাইছে। কেন্দ্ৰীয় বাজেটত উল্লেখ কৰা মতে, বিগত পাঁচ বছৰত ভাৰতীয় ৰে’লৰ মূলধনী ব্যয় ১৩০ শতাংশ বৃদ্ধি পাই ২০২৫-২৬ চনত ২.৫২ লাখ কোটি টকা হৈছে। কিন্তু ২০২৪ চনৰ পৰা ২০২৬ বিত্তীয় বৰ্ষৰ ভিতৰত বাজেট সমৰ্থন মাত্ৰ ২ শতাংশহে বৃদ্ধি পাইছে।
ইক্ৰাৰ কৰ্পৰেট ৰেটিংছৰ সহকাৰী গোট মুৰব্বী ছুপ্ৰিঅ’ বেনাৰ্জীয়ে উল্লেখ কৰে যে, ৰে’লৱে খণ্ডৰ সত্তাসমূহ সংযোগ উন্নত আৰু লজিষ্টিক খৰচ হ্ৰাস কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।