আজি গুৱাহাটী পাবহি ৰোহিত-বিৰাটসহ ৮ খেলুৱৈ

আজি গুৱাহাটী পাবহি ৰোহিত-বিৰাটসহ ৮ খেলুৱৈ

ডিজিটেল ডেস্ক : ৰাজকোটৰ সৌৰাষ্ট্ৰ ক্ৰিকেট এচোচিয়েচনৰ ষ্টেডিয়ামত ভাৰত-শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ'ব অন্তিম খন ট-২০ খেলৰ । ইয়াৰ সৈতেই অন্ত পৰিব শৃংখলাটোৰ । তাৰ পাছতেই ১০ জানুৱাৰীত গুৱাহাটীত আৰম্ভ হ'ব এদিনীয়া শৃংখলা । বৰ্তমান টি-২০ শৃংখলাত খেলি থকা বহু কেইগৰাকী খেলুৱৈয়ে অৱশ্যে অংশ নলয় এদিনীয়া শৃংখলাটোত । হাৰ্ডিক পাণ্ডিয়াৰ স্থানত দলক নেতৃত্ব দিব ৰোহিত শৰ্মাই । ইয়াৰ ওপৰিও আজি গুৱাহাটীত উপস্থিত হ'ব বিৰাট কোহলি, শ্ৰেয়াস আয়াৰ, কে এল ৰাহুল, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামি আৰু মহম্মদ চিৰাজ । এই কেইগৰাকী খেলুৱৈয়ে দেওবাৰৰ পৰাই অনুশীলন আৰম্ভ কৰিব গুৱাহাটীত ।

। আনহাতে, ৰাজকোটৰ পৰা সোমবাৰে আহিব হাৰ্ডিক পাণ্ডিয়া, শুভমন গীল, ঈশান কিষান, সূৰ্যকুমাৰ যাদৱ, অক্ষৰ পেটেল, উমৰান মালিক আৰু অৰ্শদীপ সিং । একেদিনাই আহিব শ্ৰীলংকাৰ দলটিও । সোমবাৰে নিশা ভাৰতীয় দলটোৱে অনুশীলন কৰিব একেলগে ।

উল্লেখ্য যে, বহু দিনৰ বিৰতিত খেলপথাৰত নমাৰ সম্ভাৱনা আছে যশপ্ৰীত বুমৰাহৰ । গুৱাহাটীৰ পৰাই আৰম্ভ হ'ব দলটিৰ আগন্তুক বিশ্বকাপৰ প্ৰস্তুতি । তেনেস্থলত গুৱাহাটীত অনুষ্ঠিত হ'ব লগীয়া খেলখন গুৰুত্বপূৰ্ণ যদিও সেই অনুপাতে দৰ্শকৰ আগ্ৰহ কম । অৱশ্যে সকলো তাৰকা খেলুৱৈ উপস্থিত হোৱাৰ পিছত পৰিস্থিতি সলনি হোৱাৰ সম্ভাৱনা নথকা নহয় । অৱশ্যে উৎসাহ কম হলেও বৰ্ষাপাৰা ষ্টেডিয়াম দৰ্শকেৰে ভৰি থাকিব বুলি আশাবাদী অসম ক্ৰিকেট সন্থা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in