ভাৰত-দক্ষিণ আফ্ৰিকাৰ মেচ : বৰ্ষাপাৰাত পুৱা ১০.৩০ বজাৰ পৰাই শাৰী পাতিছে দৰ্শকে...

দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০ ক্ৰিকেট মেচ

author-image
Asomiya Pratidin
New Update
ভাৰত-দক্ষিণ আফ্ৰিকাৰ মেচ : বৰ্ষাপাৰাত পুৱা ১০.৩০ বজাৰ পৰাই শাৰী পাতিছে দৰ্শকে...

IND Vs SA

ডিজিটেল ডেস্ক : শাৰদীয় দুৰ্গোৎসৱৰ মাজতেই দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০ ক্ৰিকেট মেচ। সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ'বলগা খেলখন চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে ক্ৰিকেট প্ৰেমীয়ে।

Advertisment

সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ'বলগা খেলখন উপভোগ কৰিবলৈ দৰ্শকৰ বাবে ষ্টেডিয়ামৰ গেট খুলি দিয়া হ'ব দিনৰ ১ বজাৰ পৰা। কিন্তু নিজৰ প্ৰিয় খেলুৱৈ জনক এবাৰ ওচৰৰ পৰা দেখিবলৈ আৰু ঘৰুৱা দলৰ খেল উপভোগ কৰিবলৈ পুৱা ১০.৩০ বজাৰ পৰাই বৰ্ষাপাৰা ষ্টেডিয়ামৰ সন্মুখত ভিৰ কৰিছে দৰ্শকে।

উল্লেখ্য যে এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ বতৰ। দুৰ্গা পূজাৰ মাজতেই খেল অনুষ্ঠিত কৰিবৰ বাবে সম্পূৰ্ণ সাজু অসম চৰকাৰ, প্ৰশাসন আৰু অসম ক্ৰিকেট সন্থা। কোনো অসুবিধা নোহোৱাকৈ খেল অনুষ্ঠিত কৰিবৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে।

ষ্টেডিয়ামৰ ২ কিলোমিটাৰ দূৰত্বত দৰ্শকে ৰাখিব লাগিব নিজৰ বাহন সমূহ। যিহেতু গুৱাহাটীৰ এক পুৰণি সমস্যা যান-জঁটৰ সমস্যা। সেই সমস্যাৰ বাবে দৰ্শকে দিনৰ ১ বজাৰ পূৰ্বে পুৱা ১০.৩০ বজাতেই গৈ ষ্টেডিয়ামৰ সন্মুখত শাৰী পাতিছে।

assam barsapara stadium india guwahati south africa