সুদীৰ্ঘ ১৫ বছৰৰ পিছত বাবৰ আজমৰ দেশলৈ যাব ভাৰতীয় ক্ৰিকেট দল...

২০২৩ বৰ্ষৰ এছিয়া কাপ ক্ৰিকেট অনুষ্ঠিত হ'ব পাকিস্তানত

author-image
Asomiya Pratidin
New Update
সুদীৰ্ঘ ১৫ বছৰৰ পিছত বাবৰ আজমৰ দেশলৈ যাব ভাৰতীয় ক্ৰিকেট দল...

india vs pak

ডিজিটেল ডেস্ক : পাকিস্তান ভ্ৰমণৰ বাবে একপ্ৰাকৰে সাজু হৈছে ভাৰতীয় ক্ৰিকেট দল। সুদীৰ্ঘ ১৫ বছৰৰ পিছত পাকিস্তান ভ্ৰমণৰ বাবে যাব ভাৰতীয় দলটো। ২০২৩ বৰ্ষৰ এছিয়া কাপ ক্ৰিকেট অনুষ্ঠিত হ'ব পাকিস্তানত।

Advertisment

দুয়ো দেশৰ ৰাজনৈতিক শত্ৰুতাৰ বাবে পাকিস্তান ভ্ৰমণৰ পৰা বিৰত আছিল ভাৰত। ২০০৮ চনৰ জুন মাহতেই অন্তিমবাৰৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল ভাৰতে। আনহাতে ২০১৩ চনৰ জানুৱাৰী মাহত ভাৰতত দ্বিপাক্ষিক শৃংখলা খেলিছিল পাকিস্তানে।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড চমুকৈ বিচিচিআইয়ে উল্লেখ কৰা মতে দক্ষিণ আফ্ৰিকাত ভাৰতীয় মহিলা ক্ৰিকেট দলে মহিলাৰ টি-২০ বিশ্বকাপত অংশ লোৱাৰ লগতে পাকিস্তানৰ মাটিত ভাৰতে এছিয়া কাপত অংশগ্ৰহণ কৰিব ৷

কিন্তু পাকিস্তানত হ’বলগীয়া এছিয়া কাপত ভাৰতৰ অংশগ্ৰহণ এতিয়াও নিশ্চিত নহয় বুলি ব্যক্ত কৰা হৈছে ৷ কাৰণ পাকিস্তানত খেলিবলৈ যোৱাৰ বাবে বিচিচিআইক প্ৰয়োজন হ’ব ভাৰত চৰকাৰৰ সেউজ সংকেত ৷ সাধাৰণ নিৰ্বাচনৰ এবছৰ পূৰ্বে ভাৰতীয় দলক পাকিস্তানলৈ প্ৰেৰণ কৰিলে ৰাজনৈতিক প্ৰতিক্ৰিয়াও হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে ৷

asia cup india pakistan