অন্তিম খন ৰাফেল বিমান ভাৰতলৈ অনাৰ প্ৰস্তুতি...

অন্তিম খন ৰাফেল বিমান ভাৰতলৈ অনাৰ প্ৰস্তুতি...

ডিজিটেল ডেস্ক : ২০১৫ চনত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছিল ৭.৮৭ বিলিয়ন ডলাৰৰ বিপৰিতে ৩৬ খন ৰাফেল বিমান ক্ৰয় কৰাৰ কথা । বহু বিতৰ্কিত চুক্তিৰ শেষৰ খন অৰ্থাৎ ৩৬ নং ৰাফেল বিমান খন আগন্তুক ডিছেম্বৰৰ ১৫ তাৰিখে ভাৰতলৈ অনা হ'ব ।

এই সন্দৰ্ভত, ভাৰতীয় বায়ু সেনাৰ জ্যেষ্ঠ বিষয়া এগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত দিয়া ভাষ্য অনুসৰি ভাৰতীয় বায়ু সেনাক অধিক শক্তিশালী কৰি তুলিবলৈ এই চুক্তি সম্পন্ন কৰা হৈছিল দুয়ো দেশৰ মাজত । আনহাতে, ইয়াৰ পূৰ্বে অনা ৩৫ খন বিমান বৰ্তমান আম্বালা, হাৰিয়ানা আৰু হাশ্বিৰামাত অৱস্থিত বায়ু সেনা স্থলীত ব্যৱহাৰ কৰা হৈ আহিছে ।

এই সন্দৰ্ভত, বিষয়া গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, ৩৬ নং ৰাফেল বিমানখনৰ সকলো অংশ মেৰামতি কৰিহে ভাৰতক চমজাই দিয়া হ'ব যিহেতু ইয়াৰ পূৰ্বে বিমান কেইখন ব্যৱহাৰ কৰিছিল ফ্ৰান্সৰ চৰকাৰে । আনহাতে, ভাৰতীয় বায়ু সেনাই পূৰ্বৰ বিমান কেইখনত ইতিমধ্যেই সংযোগ কৰিছে ভাৰতীয় পৰিৱেশৰ বাবে প্ৰয়োজনীয় সকলো সৰঞ্জাম ।

উল্লেখ্য যে, ১৯৮৬ চনত নিৰ্মিত ৰাফেল বিমানে ভাৰতীয় বায়ু সেনাক দক্ষিণ-পূব এছিয়াৰ আকাশমাৰ্গত সমুখ সমৰত যথেষ্ট সহায় কৰিছে । ইয়াৰ ওপৰিও দীৰ্ঘ দূৰত্বৰ মিছাইল প্ৰক্ষেপণৰ ক্ষেত্ৰটো ৰাফেলে আগুৱাই নিছে বায়ু সেনাক ।

স্মৰ্তব্য যে, ভাৰত-চীনৰ সীমান্তৰ উত্তেজনাপূৰ্ণ সময়ছোৱাতে ফ্ৰান্সে সন্তৰ্পণে ভাৰতক দিছিল পূৰ্বৰ ৰাফেল বিমান কেইখন যাৰ ফলত সীমান্তৰ অভিযান সমূহৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হৈছিল বিমান কেইখন ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in