‘ইণ্ডিয়া আইকনিক পাৰ্ছনেলিটি ২০১৯’ শীৰ্ষক শ্ৰেষ্ঠত্বৰ সন্মান গাৰ্গী পৰাশৰলৈ, বিদেশলৈ আমন্ত্ৰিত নলবাৰীৰ কন্যা

‘ইণ্ডিয়া আইকনিক পাৰ্ছনেলিটি ২০১৯’ শীৰ্ষক শ্ৰেষ্ঠত্বৰ সন্মান গাৰ্গী পৰাশৰলৈ, বিদেশলৈ আমন্ত্ৰিত নলবাৰীৰ কন্যা

author-image
asomiyapratidin
New Update
‘ইণ্ডিয়া আইকনিক পাৰ্ছনেলিটি ২০১৯’ শীৰ্ষক শ্ৰেষ্ঠত্বৰ সন্মান গাৰ্গী পৰাশৰলৈ, বিদেশলৈ আমন্ত্ৰিত নলবাৰীৰ কন্যা

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰীৰ গাৰ্গী পৰাশৰে কঢ়িয়াই আনিছে আন্তঃৰাষ্ট্ৰীয় খিতাপ। ফেশ্বন ডিজাইনাৰ গাৰ্গী পৰাশৰে লাভ কৰিছে ইণ্ডিয়ান আইকনিক পাৰ্ছনেলিটি, ২০১৯ শীৰ্ষক এই শ্ৰেষ্ঠত্বৰ বঁটা। উল্লেখযোগ্য যে, উত্তৰ প্ৰদেশৰ আহমেদাবাদত যোৱা ২৩ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল এই ইণ্ডিয়ান আইকনিক পাৰ্ছনেলিটি শীৰ্ষক প্ৰতিযোগিতা। দেওবাৰে সন্ধিয়া নলবাৰী জিলা প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত এই কথা সদৰি কৰে গাৰ্গী আৰু তেওঁৰ পিতৃ মাতৃয়ে।

Advertisment

এই প্ৰতিযোগিতাত দেশৰ মুঠ ৩৫ খন ৰাজ্যৰ প্ৰতিনিধিয়ে অংশ লৈছিল। নলবাৰীৰ গোপাল বজাৰৰ ফেশ্বন ডিজাইনাৰ গাৰ্গী পৰাশৰে এই প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰি নলবাৰীৰ লগতে সমগ্ৰ অসমলৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হয়। নলবাৰীৰ মুকুল শৰ্মা আৰু মিতালি দত্ত শৰ্মাৰ কন্যা গাৰ্গী পৰাশৰ গুৱাহাটী আৰ্য বিদ্যাপীঠৰ ছাত্ৰী।

ভাৰতবৰ্ষৰ এগৰাকী প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ সিদ্ধাৰ্থ বৰ্মনৰ তত্বাৱধানত মডেলিং জগতত প্ৰৱেশ কৰা গাৰ্গী পৰাশৰে ইতিমধ্যে থাইলেণ্ডলৈ আমন্ত্ৰিত হৈছে। কেইবাখনো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত ফেশ্বন শ্ব'ৰ বিচাৰক হিচাপে আমন্ত্ৰিত হোৱা গাৰ্গী পৰাশৰ এগৰাকী সুদক্ষ কথক শিল্পী হিচাপেও পৰিচিত হোৱাৰ লগতে কথক নৃত্যত স্নাতক ডিগ্ৰী লাভ কৰিছে।