ত্ৰিৰংগাৰ ৰঙেৰে ৰঙীন হৈ পৰিছে ঐতিহাসিক ৰংঘৰ…

ত্ৰিৰংগাৰ ৰঙেৰে ৰঙীন হৈ পৰিছে ঐতিহাসিক ৰংঘৰ…

author-image
asomiyapratidin
New Update
ত্ৰিৰংগাৰ ৰঙেৰে ৰঙীন হৈ পৰিছে ঐতিহাসিক ৰংঘৰ…

ডিজিটেল সংবাদ, শিৱসাগৰ: সমগ্ৰ দেশজুৰি স্বাধীনতাৰ ৭৫ বৰ্ষ উপলক্ষে ন ন কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়তেই আজাদি কা অমৃত মহোৎসৱ উপলক্ষে শিৱসাগৰৰ ঐতিহাসিক ৰ‌ংঘৰক ভিন্ন ৰঙী পোহৰেৰে উজলাই তুলিলে ভাৰত পূৰাতত্ব সৰ্বেক্ষণে। পৌৰাণিক ইটা ৰঙেৰে উজ্জিৱীত হৈ থকা ইতিহাস প্ৰসিদ্ধ ৰংঘৰৰ চিনাকী বৰণ হঠাৎ নিশাৰ ভাগলৈ সলনি হৈ পৰে ৷

Advertisment

আজাদী কা অমৃৰ্ত মহোৎসৱৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় পুৰাতত্ব বিভাগে এই অভিনৱ কাৰ্যসূচী গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে ৷বিশ্বৰ পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৰংঘৰৰ নিশাৰ বৰণ ত্ৰিৰংগাৰ ৰঙেৰে সুশোভিত হৈ পৰাৰ পিছতেই সাধাৰণ ৰাইজ, দৰ্শনাথীৰ উৎসুকৰ্তা দুগুনে বৃদ্ধি পাইছে ৷যাৰ বাবে নিশাৰ এই অপৰূপ দৃশ্যৰাজী এবাৰ স্বচক্ষে প্ৰতক্ষ্য কৰিবৰ বাবে ৰংঘৰৰ পদূলীত ব্যাপক ভিৰ পৰিলক্ষিত হৈছে ৷

প্ৰতিগৰাকী দৰ্শনাথীয়ে এই অপৰূপ দৃশ্যৰাজী নিজৰ মৱাইল কেমেৰাত আৱদ্ধ কৰাৰ লগতে অসংখ্যজনে ৰংঘৰৰ সুশোভিত দৃশ্যৰ সন্মুখত ঠিয় হৈ চেল্ফী উঠাৰ বাবে উঠপথপ লগোৱাও পৰিলক্ষিত হয় ৷উল্লেখ্য যে ছশ বছৰীয়া আহোম ৰাজত্বৰ শৌৰ্যৰ প্ৰতীক,এছিয়াৰ প্ৰথমটো পেভভিলিয়ন,আধুনিক অসমৰ পৰিচয় ৰ‌ংঘৰ বিশ্বৰ পৰ্য্যটন মান চিত্ৰৰ সবাটোতকৈ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু ৷

স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ৰংঘৰক আলোকেৰে বিঢৌত কৰি স্বাধীনতাৰ মধূৰ ক্ষণ উপভোগৰ বাবে এই অভিনৱ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ইফালে ভাৰতৰ বিভিন্ন স্থানৰ উল্লেখযোগ্য প্ৰাচীন কীৰ্তিচিহ্ন এইদৰে পোহৰাই তোলাৰ ব্যৱস্থা কৰিছে ভাৰত চৰকাৰে।এই অংশ স্বৰুপেই ৰংঘৰক এনেদৰে দেশৰ সৰ্বোচ্চ আদৰ আৰু সন্মানৰ প্ৰতীক ত্ৰিৰংগাৰ ৰঙেৰে সুশোভিত কৰিছে বুলি পুৰাতত্ব বিভাগৰ সুত্ৰই জানিবলৈ দিয়ে ৷ইয়াৰ বাবে বিভাগে ৰংঘৰৰ সন্মুখত শক্তিশালী ফ্লাড লাইট সংস্থাপিত কৰাৰ লগতে বিশেষ কাৰিকৰী কৌশলল সংযোজিত কৰিছে যাৰ বাবে ওপৰে গেৰুৱা, মাজত শুকুলা আৰু তলত শ্যামল বৰণীয়া ৰঙেৰে পোহৰাই তুলিছে ঐতিহাসিক ৰংঘৰক ৷

আৰু পঢ়ক: অসম আন্দোলনৰ সক্ৰিয় নেতা, চিৰসেউজ অভিনেতা,নাট্যকাৰ,পৰিচালক প্ৰদীপ শৰ্মাৰ দেহাৱসান…

assam sivsagar