/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/draupadi.jpg)
ডিজিটেল ডেস্ক : স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী। ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ আনন্দত আজাদী কা অমৃত মহোৎৱ কাৰ্যসূচীৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ঘৰে ঘৰে দেখিবলৈ পোৱা হৈছে স্বাভিমানৰ পতাকাখন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান মৰ্মে দেশৰ প্ৰত্যেকগৰাকী নাগৰিকে ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উৰুৱাইছে। তাৰ ব্যতিক্ৰম নহয় অসম।
আনহাতে, স্বাধীনতা দিৱসৰ প্ৰকাক্ষণত দেওবাৰে সন্ধিয়া ৭ বজাত ভাৰতৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশৰ জনতাক সম্বোধন কৰিব। তেওঁ প্ৰথমবাৰ দেশৰ জনতাক সম্বোধন কৰিব। ইয়াৰ উপৰিও দেশৰ বিভিন্ন প্ৰন্তু আৰক্ষী, স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে স্বাধীনতা দিৱসৰ বাবে পেৰেডত ব্যস্ত আছে। সষ্টম হৈছে আৰক্ষী-প্ৰশাসন। মুঠৰ ওপৰত গৌৰৱোজ্বল স্বাধীনতাৰ ৭৫ টা বছৰ সম্পূৰ্ণৰ প্ৰস্তুতি তুংগত।
আৰু পঢ়ক : চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী…