৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নগাঁৱৰ চিলঙনীত ক্ৰীড়া সমাৰোহ

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নগাঁৱৰ চিলঙনীত ক্ৰীড়া সমাৰোহ

author-image
asomiyapratidin
New Update
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নগাঁৱৰ চিলঙনীত ক্ৰীড়া সমাৰোহ

ডিজিটেল সংবাদ, বেবেজীয়া : দেশৰ ৭৬তম স্বাধীনতা দিৱসৰ গৌৰৱময় ক্ষণত আজাদী কা অমৃত মহোৎসৱ উৎযাপনৰ অৰ্থে নগাঁও সদৰ সমষ্টিৰ চিলঙনীত যোৱা ১৪ আগষ্টৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মিলি-জুলি যুৱক সংঘৰ সৌজন্যত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । চিলঙনী মুক্তাব বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আক্কাছ আলীয়ে ১৪ আগষ্টত পতাকা উত্তোলনৰে আৰম্ভণি হোৱা প্ৰতিযোগিতাখনিত অঞ্চলটোৰ কেইবা শতাধিক কণ কণ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । প্ৰতিযোগীতাখনিত উঠা-বহা , চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি, নৃত্য প্ৰতিযোগীতাৰ লগতে পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত হয় । ছাত্ৰ-ছাত্ৰী সকলক শিশু অৱস্থাৰ পৰাই দেশ প্ৰেমৰ ভাৱ জগাই তোলাৰ উদ্দেশ্য আয়োজিত ক্ৰীড়া সমাৰোহত যুৱ সাংবাদিক আনোৱাৰুল ইছলামে পৰিচালনা কৰা কুইজ প্ৰতিযোগিতা খনিত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি দেখা পোৱা যায় । আজি ১৬ আগষ্ট ৰ বিয়লিভাগত অৱসপ্ৰাপ্ত শিক্ষক আক্কাছ আলীৰ সভাপতিত্বত বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয় । উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উদমাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফজলুল হক মৰল, স্বাস্থ্য কৰ্মী আশ্ৰাফুল হাই, লাট মণ্ডল বাহাৰুল ইছলামৰ লগতে স্থানীয় বহুতো গণ্যমান্য ব্যক্তি সকল ।

Advertisment

আৰু পঢ়ক : মুক্তিযোদ্ধা প্ৰয়াত কাতিৰাম ৰাভাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ পৰিকল্পনা ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ…

assam independence day NOGAON