/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-15/6frmtz7q/265415ee-d250-400a-b781-f2d8ca381724.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ শ্ৰী সত্য সাই সেৱা সমিতি গুৱাহাটীৰ উদ্যোগত,ভাৰতবৰ্ষৰ ৭৮ তম স্বাধীনতা দিৱস ,সমগ্ৰ ভাৰতবাসীৰ লগতে যোৰপুখুৰী স্থিত সাধনা নিলয়ত উদযাপন কৰা হয়। বাল বিকাশৰ ছাত্র ছাত্ৰী, গুৰু,অভিভাৱক আৰু ভক্তৰ উপস্থিতিত এই অনুষ্ঠানটি খুৱ সুন্দৰ আৰু ফলপ্ৰসূ ভাবে অনুষ্ঠিত হৈ যায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-15/nuzmdt1j/9da08a4f-0c51-4296-809d-f67a339ccfd8.jpg)
এই অনুষ্ঠানত বন্তি প্ৰজ্জ্বলন আৰু জাতীয় পতাকা উত্তোলন কৰে শ্ৰী সত্য সাই সেৱা সংগঠন অসম আৰু উত্তৰ পূৱ ভাৰতৰ মাণ্ডলিক সভাপতি শ্ৰী যুত সত্যেন শৰ্মা দেবে। পতাকা উত্তোলনৰ পাছত মাননীয় সত্যেন শৰ্মা দেৱে স্বাধীনতা দিৱসৰ তাৎপৰ্য আৰু ইয়াৰ গভীৰ অৰ্থ খুব সুন্দৰকৈ উপস্থিত সকলোৰে আগত অৱগত কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-15/42y8o355/67f03e0a-fc19-47a4-a306-611ed38b4867.jpg)
ইয়াৰ পাছত দুবাৰকৈ বীৰ চিলাৰায় বঁটা বিজয়ী অসমৰ প্ৰথম গৰাকী NCC Cadet,আমাৰ অতি মৰমৰ প্ৰাক্তন বাল বিকাশৰ ছাত্ৰী সুকন্যা কাশ্যপ মহন্তই তেওঁৰ নতুন দিল্লীত স্বাধীনতা দিৱসত অংশ গ্ৰহন কৰোঁতে হোৱা সুন্দৰ অভিজ্ঞতাৰ কথা উপস্থিত বাল বিকাশৰ ছাত্ৰ ছাত্ৰী আৰু ভক্ত সকলক অৱগত কৰায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-15/6g9hjnia/470b8abe-5005-4be4-a3fb-ad6485ee6865.jpg)
ইয়াৰ পাছত ৪০ জন বাল বিকাশৰ ছাত্র ছাত্ৰী আৰু প্ৰায় ২০ জন অভিভাৱক আৰু ভক্তৰ উপস্থিতিত সাধনা নিলয়মৰ পৰা নবনিৰ্মিত যোৰপুখুৰী পার্কৰ চাৰিও দিশ সামৰি এটা শোভাযাত্ৰা উলিয়াই আকৌ সাধনা নিলয়মলৈ ঘূৰি অহা হয়। শেষত এটি লঘু আহাৰৰ আয়োজনেৰে অনুষ্ঠানটিৰ সামৰণি মৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-15/rex34chf/265415ee-d250-400a-b781-f2d8ca381724.jpg)