এতিয়াৰে পৰা গৃহৰক্ষীয়ে মাহিলী লাভ কৰিব ২৩,০১০ টকা

গৃহৰক্ষী জোৱানৰ দৈনিক ভাট্টা বৃদ্ধি।

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত চাঞ্চল্যঃ স্বামীয়ে শিৰচ্ছেদ কৰিলে পত্নীক !

dangor kotha

ডিজিটেল ডেস্ক: গৃহৰক্ষী জোৱানৰ দৈনিক ভাট্টা বৃদ্ধিৰে গৃহৰক্ষী জোৱানৰ দৰমহা বঢ়ালে চৰকাৰে। বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছতেই এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।

Advertisment

সমান্তৰালভাৱে চৰকাৰী জাননীও জাৰি কৰা হয়। সেই অনুসৰি এতিয়াৰ পৰা কৰ্তব্যৰত গৃহৰক্ষী জোৱানে প্ৰতিমাহে লাভ কৰিব ২৩,০১০ টকা। উল্লেখনীয় যে ইতিপূৰ্বে সৰ্বোচ্চ ন্য়ায়ালয়ে দেশৰ ২৩ খন ৰাজ্যৰ গৃহৰক্ষী সকলে লাভ কৰা মাহেকীয়া বানচৰ সম পৰিমানৰ ধন অসমৰ গৃহৰক্ষী সকলে লাভ কৰাতো নিশ্চিত কৰাৰ বাবে গুৱহাটী উচ্চ ন্যায়ালয়ক এক নিৰ্দেশনা দিছিল।

এই নিৰ্দেশনা অনুসৰিয়েই যোৱা অগষ্ট মাহতেই গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰকাৰক গৃহৰক্ষী জোৱানৰ বানচ ২৩ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছিল। ইয়াৰ আধাৰতে আজি অনুষ্ঠিত কেবিনেটত ৰাজ্য খনৰ ২৪ হাজাৰ গৃহৰক্ষী জোৱানৰ বানচ ২৩ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

চৰকাৰৰ শেহতীয়া এই সিদ্ধান্তই প্ৰাপ্য মজুৰি লাভৰ দাবীৰে দীৰ্ঘদিন আন্দোলন কৰিও বঞ্চিত হৈ থকা হাজাৰ হাজাৰ গৃহৰক্ষী জোৱানক উৎফুল্লিত কৰিছে।

assam himanta biswa sarma