শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ দায়িত্বহীন গুৱাহাটী বিশ্ববিদ্যালয়ে শিক্ষাৰ্থীৰ ওপৰত জাপি দিলে আৰক্ষীঃ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াক প্ৰহাৰ…

শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ দায়িত্বহীন গুৱাহাটী বিশ্ববিদ্যালয়ে শিক্ষাৰ্থীৰ ওপৰত জাপি দিলে আৰক্ষীঃ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াক প্ৰহাৰ…

author-image
asomiyapratidin
New Update
পৰীক্ষাৰ ফলাফলত ব্যাপক বিসংগতিঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মুখত প্ৰতিবাদী শিক্ষাৰ্থীক আৰক্ষীৰ প্ৰহাৰ…

ডিজিটেল ডেস্কঃ ৰাজ্যৰ অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মুখত মঙ্গলবাৰে বিশ্ববিদ্যালয়ৰ অধীনষ্ঠ মহাবিদ্যালয়সমূহৰ প্ৰায় ২ শতাধিক শিক্ষাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে পঞ্চম ষাণ্মাসিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে ঘোষিত ফলাফলত বহু বিসংগতিয়ে দেখা দিয়ে। এনে বিসংগতিৰ ভিতৰত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছতো একাংশ শিক্ষাৰ্থীক পৰীক্ষাত অনুপস্থিতি দেখুওৱা হৈছে। একেদৰে আন বহু দিশত বিসংগতি ধৰা পৰিছে।

Advertisment

শিক্ষাৰ্থীৰ ভৱিষ্য়তৰ লগত বিশ্ববিদ্যালয়ে খেলা এনে ল'ৰা ধেমালীত অতিষ্ঠ হৈ শিক্ষাৰ্থীসকলে মঙ্গলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদৰ মাজতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি গুৰুত্বহীন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ন্যায়ৰ বাবে মাত মতা শিক্ষাৰ্থীৰ ওপৰত জাপি দিয়ে আৰক্ষী।

ফলত আৰক্ষীয়ে প্ৰতিবাদী শিক্ষাৰ্থীসকলক প্ৰহাৰ কৰাৰ লগতে প্ৰতিবাদস্থলীৰ পৰা আটক কৰি লৈ যাবলৈ চেষ্টা কৰে। আৰক্ষীৰ এনে অত্যাচাৰত কেইবাজনো শিক্ষাৰ্থী আহত হয়। সমান্তৰালকৈ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি হেমেন কলিতাও আহত হয়।

জানিব পৰা মতে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে প্ৰতিবাদী শিক্ষাৰ্থী আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰিছিল। তাৰ পাছতো আৰক্ষীয়ে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক প্ৰহাৰ কৰে। আৰক্ষীৰ প্ৰহাৰত আহত হেমেন কলিতাক হাস্পতালত ভৰ্তি কৰোৱা হয়।

ইফালে মঙ্গলবাৰে সৃষ্টি হোৱা এই পৰিস্থিতি সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰসন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সম্পাদক বিকি শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কয় যে, নিৰীহ প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ সৈতে মধ্যস্থতা কৰি থকা স্নাতকোত্তৰ ছাত্ৰ-সন্থাৰ ২০২১-২২ বৰ্ষৰ বিষয়ববীয়াসকলৰ ওপৰত আৰক্ষীয়ে চলোৱা অত্যাচাৰৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছো।

ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত স্নাতকোত্তৰ ছাত্ৰ সন্থাই বুধবাৰে পুৱা ১০-৩০ বজাত এক সংবাদ মেলৰো আয়োজন কৰিছে বুলি সম্পাদক বিকি শৰ্মাই জানিবলৈ দিছে।

assam Assam police ranoj pegu gauhati university