/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/1e29e3a3-500a-4cc5-80f9-d86c648e0c55/nhpc.jpg)
Incident at Subansiri hydropower project
ডিজিটেল ডেস্ক : নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত অঘটন। প্রকল্পৰ অসমৰ দিশত খহিল পাহাৰৰ মাটি। ক্ষতিগ্রস্ত হৈছে দুই নম্বৰ টানেলৰ ওপৰৰ অংশ। আনহাতে খহি পৰিল ভিউ পইণ্টলৈ যোৱা পথটোৰ এটা অংশ।
দুই নম্বৰ টানেলৰ ওপৰৰ পথ ভাঙি সোমাই গ’ল টানেলত ৷ মূল বান্ধ নিৰ্মাণৰ বাবে এই টানেলেৰে বান্ধত পানীভাগ বোৱাই দিয়া হয় ৷ এই ঘটনাই পুনৰ বিশেষজ্ঞৰ মতামতক প্ৰতিষ্ঠা কৰি প্ৰমাণ কৰিলে বৃহৎ নদী বান্ধৰ বাবে অনুপযোগী গেৰুকামুখৰ পাহাৰ ৷ বান্ধৰ সুৰক্ষাৰ ক্ষেত্রত সৃষ্টি হৈছে তীব্র ভাবুকিৰ।