সৰুপথাৰত পথৰ পুথিভঁৰাল উদ্বোধন…

সৰুপথাৰত পথৰ পুথিভঁৰাল উদ্বোধন…

author-image
asomiyapratidin
New Update
সৰুপথাৰত পথৰ পুথিভঁৰাল উদ্বোধন…

ডিজিটেল সংবাদ উৰিয়ামঘাটঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমা সৰুপথাৰত প্ৰনতোষ দাস ফাউণ্ডেচন আৰু ধনশিৰি মহকুমা আৰক্ষী বিষয়াৰ উদ্যোগত পথাৰ পুথিভঁৰাল উদ্বোধন কৰা হয়। প্ৰাণতোষ দাস ফাউণ্ডেচন আৰু ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত সৰুপথাৰ নগৰত গান্ধিমূৰ্তিৰ সমিপত পথৰ পুথিভঁৰাল উদ্বোধন কৰে গোলাঘাট ডি আৰ কলেজৰ অৰ্থনীতি বিভাগৰ অধ্যাপক তথা বিশিষ্ট সাহিত্যিক কবি নিলীম কুমাৰে।

Advertisment

উদ্বোধনী ভাষণ আগবঢ়াই গোলাঘাটৰ বিশিষ্ট ব্যক্তি তথা ডি আৰ কলেজৰ অধ্যাপক দেৱজিৎ ফুকনে। অনুষ্ঠানত উপস্থিত থাকে কবি মহেশ্বৰ বসুমতাৰী, ধনশিৰি মহকুমাধিপতি দিনচেংফা বৰুৱা, ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিণয়ন ভূঞা, গোলাঘাট জিলা সংবাদিক সংস্থাৰ সম্পাদক দীপেন বৰা, ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ সভাপতি মাখমুদ আলি, উৰিয়ামঘাট প্ৰেছ ক্লাবৰ সম্পাদক, ভাৰতৰ গণতান্ত্ৰিক যুৱফেডাৰেছন জিলা সভাপতি বনিফ্ৰাৰ্ষ্ট গগৈ, অন্যপথ গোষ্ঠীৰ সম্পাদক শোষান্ত কৃষ্ণ শৰ্মা, সদৌ অসম চুতীয়া ছাত্র সন্থাৰ ধনশিৰি মহকুমা সমিতিৰ সভাপতি অভিজিৎ চুতীয়া, সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণী ডেকা।

স্থানীয় ৰাইজে পুথিভঁৰালটোৰ যোগেদি অঞ্চলটোৰ ৰাইজৰ মাজত এটা যুগান্তকাৰী প্ৰভাৱ আৰু বৌদ্ধিক অনুশীলনৰ বাট মুকলি হ'ব বুলি আশা প্ৰকাশ কৰে।