নিৰ্মল হালৈ মহাবিদ্যালয়ত 'আমাৰ পাটাছাৰকুছি' শীৰ্ষক গ্রন্থ সংগ্ৰহ কেন্দ্ৰ উদ্বোধন

নিৰ্মল হালৈ মহাবিদ্যালয়ত 'আমাৰ পাটাছাৰকুছি' শীৰ্ষক গ্রন্থ সংগ্ৰহ কেন্দ্ৰ উদ্বোধন

ডিজিটেল সংবাদ, পাটাছাৰকুছিঃ পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ত দুমাহ পূৰ্বে যোগদান কৰা নৱ নিযুক্ত অধ্যক্ষ ড°কৌশিক কুমাৰ ডেকাই মহাবিদ্যালয়খনক সামগ্ৰিক দিশত আগবঢ়াই নিয়াৰ উদ্দেশ্যে অতি কম সময়ৰ ভিতৰতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে।

ইয়াৰ অংশ হিচাপে গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ তথা পাটাছাৰকুছি অঞ্চলক জনমানসত অধিক উদ্ভাসিত কৰাৰ উদ্দেশ্যেৰে মহাবিদ্যালয়খনৰ কেন্দ্ৰীয় গ্ৰন্থগাৰত এক গ্ৰন্থ সংগ্ৰহ কেন্দ্ৰ উদ্বোধন কৰে। "আমাৰ পাটাছাৰকুছি" শীৰ্ষক বিশেষ গ্রন্থ সংগ্ৰহ কেন্দ্ৰটি শনিবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে পূৱ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা পাটাছাৰকুছিৰ সু-সন্তান ড° বলেন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে।

আনহাতে অসম লোকসেৱা আয়োগ আদিৰ দৰে প্ৰতিযোগীতামূলক পৰীক্ষাত পৰীক্ষাৰ্থীৰ সহায় হোৱাকৈ প্ৰয়োজনীয় গ্ৰন্থৰ মুজুতেৰে মহাবিদ্যালয়খনৰ কেন্দ্ৰীয় গ্ৰন্থগাৰতে স্থাপন কৰিবলৈ লোৱা গুৰুত্বপূৰ্ণ ষ্টোলখনো আজি একেলগে উদ্বোধন কৰে অসম লোকসেৱা আয়োগৰ অধ্যক্ষ তথা পাটাছাৰকুছিৰ সু-সন্তান ভাৰত ভূষণ দেৱ চৌধুৰীয়ে।

এই উপলক্ষে মহাবিদ্যালয়ৰ ডিজিটেল ক্লাছ ৰূমত অনুষ্ঠিত এখন সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কৌশিক কুমাৰ ডেকাই আদৰণি ভাষণ ৰাখে। মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা নৱনীতা কলিতাই অনুষ্ঠানটোৰ আঁত ধৰে৷

উদ্বোধনী ভাষণত বলেন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে এনেদৰে গ্ৰন্থ সংৰক্ষণ কৰা কাৰ্যক আদৰণি জনায়৷ সংৰক্ষণৰ ক্ষেত্ৰত ডিজিটেল মাধ্যমত সংৰক্ষণ কৰিলে এক প্ৰকাৰ স্থায়ী সংৰক্ষণ হোৱা বুলিও তেওঁ ভাষণত উল্লেখ কৰে৷ যি কোনো বিকাশৰ ক্ষেত্ৰতেই এক নিৰ্দিষ্ট পৰিক্ৰমা থকাৰ কথা উল্লেখ কৰি তেওঁ পদাৰ্থ বিজ্ঞানৰ বিভিন্ন দিশৰ কথা উনুকিয়াই সংৰক্ষণৰ ওপৰত এক বিশ্লেষনাত্মক ব্যাখ্যা আগবঢ়ায় আৰু ডিজিটেল সংৰক্ষণৰ বাবেও আহ্বান জনায়৷

এই অনুষ্ঠানতে প্ৰতিযোগিতামুলক পৰীক্ষাত প্ৰয়োজনীয় বিভিন্ন গ্ৰন্থৰ বিপনী এখন উন্মোচন কৰি অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰীয়ে অহা বছৰৰ পৰা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাটাছাৰকুছিত এটা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা কৰিব বুলি নিজৰ চমু ভাষণত কয় ৷

অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যাপক মুনীন্দ্ৰ নাৰায়ন গোস্বামী, অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা কৈলাশ চন্দ্ৰ ৰয়, অৱসৰপ্ৰাপ্ত স্বাস্থ্য সঞ্চালক ডা: অতুল শৰ্মা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ধৰণীধৰ ৰয়, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ভাবিত চন্দ্ৰ হালৈ আদিকে ধৰি বহুতো স্থানীয় বিশিষ্ট ব্যক্তি তথা মহাবিদ্যালয়খনৰ অধ্যাপক- অধ্যাপিকা, গ্ৰন্থগাৰিক, কৰ্মচাৰী, কিছু ছাত্ৰ - ছাত্ৰী উপস্থিত থাকে। সভাখনত শলাগৰ শৰাই আগবঢ়াই উপাধ্যক্ষ কিশোৰ কুমাৰ শৰ্মাই।

নিৰ্মল হালৈ মহাবিদ্যালয়ত 'আমাৰ পাটাছাৰকুছি' শীৰ্ষক গ্রন্থ সংগ্ৰহ কেন্দ্ৰ উদ্বোধন
কলংভেলী হাইস্কুলত ৰঙালী বিহুৰ আয়োজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in