ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত ১ কোটি ৭০ লাখ আত্মসাৎ কৰি পলায়ন প্ৰৱঞ্চকৰ...

ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত ১ কোটি ৭০ লাখ আত্মসাৎ কৰি পলায়ন প্ৰৱঞ্চকৰ...

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙৰ কাজলগাঁৱত আৰক্ষী তথা প্ৰশাসনৰ সন্মুখতে নতুন নতুন ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি দুখীয়া দৰিদ্ৰ লোকৰ কষ্টোপাৰ্জিত ধন লুন্ঠন কৰাৰ ঘটনা অব্যাহত আছে । যোৱা ৪ জুন তাৰিখে অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত হৈছিল চিৰাঙৰ কাজলগাঁৱৰ মইজউদ্দিন আলী নামৰ এজন প্ৰৱঞ্চকে তেওঁৰ আত্মীয় স্বজনক লৈ চিৰাং চানৰাইজ নিধি লিমিটেড নামৰ এটা ভুৱা প্ৰতিষ্ঠান খুলি উচ্চ হাৰত সুদ দিয়াৰ প্ৰলোভন দি প্ৰৱঞ্চনাৰে প্ৰায় আঠ শতাধিক দুখীয়া দৰিদ্ৰ লোকৰ জমা কৰা এক কোটি সত্তৰ লাখ টকা আত্মসাৎ কৰি পলায়ন কৰাৰ বাতৰি।

এই বাতৰি প্ৰকাশিত হোৱাৰ পিছত ভুক্তভোগী গ্ৰাহকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। তাৰ পিছত ভুক্তভোগী গ্ৰাহকসকলে চিৰাং চানৰাইজ নিধি লিমিটেড নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে জড়িত প্ৰৱঞ্চকসকলৰ বিৰুদ্ধে কাজলগাঁও থানাত গোচৰ ৰুজু কৰিছিল । কিন্তু এই ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ টকা লুন্ঠন কৰি পলায়ন কৰা প্ৰৱঞ্চকসকলৰ বিৰুদ্ধে চিৰাং আৰক্ষীয়ে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

চিৰাং আৰক্ষীৰ এই নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি কাজলগাঁৱৰ বৰতালোৱা, ছাতিপুৰ, কুকুৰমাৰী, হাছলাবাৰী আদি অঞ্চলত আজিৰ দিনতো চিৰাং চানৰাইজ নিধি লিমিটেডৰ দৰেই ছালাম আলী, হাবিবুল্লা মিঞা, আৰু মামনি খাতুনে ক্ষুদ্ৰ সঞ্চয় নিধি লিমিটেড আৰু সেইদৰে তাজউদ্দিন আলী, নিজামউদ্দিন আলীয়ে NIST নিধি লিমিটেড নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি দুখীয়া, দৰিদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী আৰু শ্ৰমিকসকলৰ পৰা প্ৰতিদিনে হেজাৰ হেজাৰ টকা সংগ্ৰহ কাৰ্য অব্যাহত ৰাখিছে । উল্লেখ্য যে চিৰাং চানৰাইজ নিধি লিমিটেডৰ নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ গৰাকীয়ে গ্ৰাহকৰ জমা কৰা ধন আত্মসাৎ কৰি পলায়ন কৰাৰ বাতৰি প্ৰকাশিত হোৱাৰ পিছত কিছু সংখ্যক সচেতন গ্ৰাহকে নতুনকৈ টকাৰ কিস্তি জমা দিয়া বন্ধ কৰি দিছিল ।

কিন্তু নতুনকৈ বিত্তীয় প্ৰতিষ্ঠানৰ মালিকপক্ষই কমিচনভোগী এজেণ্টৰ জৰিয়তে গ্ৰাহকসকলক নানা ধৰণৰ ভুৱা প্ৰতিশ্ৰুতি, আশ্বাস দি পুনৰ টকা সংগ্ৰহ কৰা কাম কৰিছে। লক্ষ্যনীয় বিষয় যে ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে জড়িত প্ৰৱঞ্চকসকলে ইয়াতে ক্ষান্ত নেথাকি ভাৰত চৰকাৰৰ কৰ্পৰেট মন্ত্ৰালয়ৰ অধীনত পঞ্জীয়ণ কৰা এটা চিআইএন নম্বৰ লৈ দুটা পৃথক পৃথক ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি টকা লুন্ঠন কৰাৰ তথ্য অসমীয়া প্ৰতিদিন হাতত আহি পৰিছে । গ্ৰাহকৰ হাতত থকা NIST নিধি লিমিটেড নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ পাছবুকত থকা CIN - U65999AS2021PLN021989 আৰু চিৰাং ফ্ৰীডম নিধি লিমিটেড নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ CIN - U65999AS2021PLN021989 নম্বৰ একেই ।

ইয়াৰ দ্বাৰা সহজেই অনুমান কৰিব পাৰি যে এই প্ৰৱঞ্চক চক্ৰটোয়ে দুখীয়াৰ কষ্টোপাৰ্জিত ধন লুন্ঠন কৰাৰ কি ধৰণৰ চক্ৰান্তত নামি পৰিছে । এই ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত গৰীৱ দুখীয়াৰ কষ্টোপাৰ্জিত ধন লুন্ঠন কৰাৰ সকলো কৰ্মকাণ্ড সংবাদ মাধ্যমৰ জৰিয়তে অৱগত হোৱাৰ পিছতো চিৰাং আৰক্ষীয়ে চকুমুদা কুলিৰ ভাও জুৰি থকাৰ অভিযোগ উত্থাপিত হৈছে ।

নহলে কাজলগাঁও আৰক্ষী থানাৰ পৰা নাতিদূৰত এইদৰে বেঙ্কৰ দৰে কাৰ্যালয় খুলি দৰিদ্ৰ লোকৰ কষ্টোপাৰ্জিত ধন লুন্ঠনৰ দৰে গৰ্হিত কাৰ্য কিদৰে চলাই আছে ? গুৰুত্বপূৰ্ণ বিষয় যে চিৰাং চানৰাইজ নিধি লিমিটেড নামৰ এক ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি দুখীয়াৰ জমা কৰা টকা লুন্ঠন কৰি পলায়ন কৰা প্ৰৱঞ্চক মইজউদ্দিন আলীসহ অন্যান্য সহযোগী সকলৰ বিৰুদ্ধে যোৱা ৬ জুনত কাজলগাঁও থানাত গোচৰ পঞ্জীয়ন হোৱাৰ পিছতো কাজলগাঁও থানাৰ আৰক্ষীয়ে এজনো প্ৰৱঞ্চক বা আচামীক আটক নকৰাক লৈ ভুক্তভোগী গ্ৰাহক সকলে আৰক্ষীৰ ভূমিকাক লৈ সন্দেহ প্ৰকাশ কৰিছে ।

এই সন্দৰ্ভত কাজলগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন গায়নক প্ৰশ্ন কৰাত তেখেতে কয় ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে আৰক্ষীৰ তদন্ত একেবাৰে প্ৰাথমিক অবস্থাত আছে আৰু যি সকল লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে তেওঁলোক বৰ্তমান পলাতক অৱস্থাত আছে । ইপিনে একমাত্ৰ টকাৰ বাবেই নিজৰ নীতি আদৰ্শক জলাঞ্জলী দি একাংশ ছাত্ৰ সংগঠনৰ নেতাই এই ভুৱা বিত্তীয় প্ৰতিষ্ঠান তথা প্ৰৱঞ্চকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত ১ কোটি ৭০ লাখ আত্মসাৎ কৰি পলায়ন প্ৰৱঞ্চকৰ...
সাৱধানঃ বেংকত নিযুক্তিৰ ভুৱা বিজ্ঞাপনত ভোল নাযাব, শিলচৰত গ্ৰেপ্তাৰ প্ৰৱঞ্চক…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in