তেজপুৰত কিমান ভোটত জিকিল বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস…

তেজপুৰত কিমান ভোটত জিকিল বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস…

author-image
asomiyapratidin
New Update
পল্লৱলোচন দাসক ‘তেজপিয়া’ আখ্যা আদিবাসী ছাত্ৰ সন্থাৰ…

ফাইল ফটো

ডিজিটেল সংবাদ, তেজপুৰঃ ২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ ঘোষিত ফলাফল অনুসৰি তেজপুৰ লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী এম জি ভি কে ভানুক শোচনীয়ভাৱে পৰাজিত কৰি বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস সংসদলৈ নিৰ্বাচিত হয়। ফলাফল অনুসৰি কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে ৪ লাখ ৩৬ হাজাৰ ৯৪৫ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে ৬ লাখ ৭৭ হাজাৰ ২৯০ টা ভোট লাভ কৰি ২ লাখ ৪০ হাজাৰ ভোটৰ ৱ্যবধানত বিজয় সুনিশ্চিত কৰিবলৈ সক্ষম হয়।

Advertisment

আনহাতে নেছনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ প্ৰাৰ্থী মহেন্দ্ৰ ভূঞাই ৬,৩৩৯ টা, ভোৰ্টাচ ইন্টাৰনেচনেলৰ প্ৰাৰ্থী মহেন্দ্ৰ ওৰাঙে ৭৯০৫ টা, এন পি পিৰ প্ৰাৰ্থী ৰাম বাহাদুৰ সোনাৰে ৫,৭৪৩ টা, নিৰ্দলীয় প্ৰাৰ্থী জিয়াবুৰ ৰহমানে ৫০৬৮ টা, নিৰ্দলীয় প্ৰাৰ্থী বিজয় কুমাৰ তিৰুয়ে ২৩,৫৩৩ টা ভোট লাভ কৰাৰ বিপৰীতে ১৫,৪৯৭ গৰাকি লোকে নটাত ভোট দান কৰে।