/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e0f052e3-4f6a-49bb-af5e-fe3d36fafee5/1342581_rainfall_pti_1624112415.webp)
২৩ তাৰিখলৈ সলনি নহয় বতৰঃ বহু কেইখন জিলাত আছে য়েল্ল' এলাৰ্ট...
ডিজিটেল ডেস্কঃ গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ১৯ জুন, বুধবাৰে আগন্তুক ৫ দিনৰ বাবে বতৰৰ আগজাননী জাৰি কৰিছে। সেই অনুসৰি ১৯ জুনত ৰাজ্যৰ প্ৰায়সমূহ জিলাতেই আছিল ৰেড এলাৰ্ট। বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননীক শুদ্ধ প্ৰমাণ কৰি বুধবাৰৰ দিনটোত প্ৰায়সমূহ জিলাতেই হৈছিল প্ৰৱল বৃষ্টিপাত।
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সেই জাননী অনুসৰিয়েই ২০ জুনত ৰাজ্যৰ ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা আৰু বঙাইগাওঁ জিলাৰ সৈতে মুঠ ৮ খন জিলাত আছে অৰেঞ্জ এলাৰ্ট। বাকী আটাইকেইখন জিলাতে আছে য়েল্ল' এলাৰ্ট।
২১ জুনত গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলাত আছে অৰেঞ্জ এলাৰ্ট। ইয়াৰ বিপৰীতে বৰপেটা, বঙাইগাওঁ, বজালী, তামুলপুৰ, নলবাৰী, কাৰ্বি আংলং, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত আছে য়েল্ল' এলাৰ্ট।
২২ জুনত ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাওঁ, বজালী, তামুলপুৰ, কাৰ্বি আংলং আৰু গোলাঘাট জিলাত আছে য়েল্ল' এলাৰ্ট। বাকীসমূহ জিলাত তেনে কোনো এলাৰ্ট নাই।
২৩ জুনত ধুবুৰী, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, গোৱালপাৰা, বজালী, তামুলপুৰ, দৰং, ওদালগুৰি জিলাত আছে য়েল্ল' এলাৰ্ট। এই সময়ছোৱাত বিজুলী, ঢেৰেকণিৰে বৰষুণ হোৱাৰ লগতে ব্ৰজপাত হোৱাৰো সম্ভাৱনা আছে।
Also Read: একেখন মেচতে চাৰিগৰাকীৰ শতকঃ চিন্নাস্বামীত ৰাণৰ বৰষুণ...