/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/35f486c9-ce53-4ed9-9efc-687d54e92bd6/truck.jpg)
ডিজিটেল সংবাদ, চিৰাং : ইমান দিনে অসমৰ পৰা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল চোৰাং ভাবে বহিঃৰাজ্যলৈ পঠিওৱাৰ বাতৰি শুনিছে বা পঢ়িছে । কিন্তু আজি ৰাজ্যখনৰ এটা সক্ৰিয় হৈ থকা আন্তৰ্জাতিক চক্ৰই অসমৰ দৰিদ্ৰ পৰিয়ালৰ বাবে আবন্টিত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বৃহৎ পৰিমাণৰ চাউল কিদৰে পশ্চিমবংগৰ শিলিগুৰীৰ পৰা আমদানী কৰা চাউল বুলি ভুৱা নথিপত্ৰ দেখুৱাই চুবুৰীয়া ৰাষ্ট্ৰ ভুটানলৈ চোৰাং ভাবে সৰবৰাহ কৰি থকা হৈছে তাৰে এক চাঞ্চল্যকৰ বাতৰি আজি পোহৰলৈ আহিছে ।
শুকুৰবাৰ নিশাৰ ভাগত চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত গৰুভাষাত আৰক্ষীৰ দ্বাৰা অবৈধ ভাৱে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল কঢ়িয়াই নিয়া দুখনকৈ ১২ চকীয়া ট্ৰাক জব্দ কৰে। এ এচ ১৯ চি ৭৭৩৭ আৰু এ এচ ০১ এইচ চি ১০৭২ পঞ্জীয়ন নম্বৰৰ জব্দ কৰা ট্ৰাক দুখনত ৫০০ বস্তাকৈ মুঠ ১০০০ বস্তা চাউল অৰ্থাৎ ৫০ মেট্ৰিক টন চাউল কঢ়িয়াই নিয়া দুখন বিসংগতিপূৰ্ণ চালান জব্দ কৰে । আৰক্ষীয়ে ট্ৰাক দুখনৰ পৰা চালক - হেণ্ডিমেন সহ মুঠ চাৰিজনক আটক কৰে । চালক ছহিদুল মণ্ডল (২২) হেণ্ডিমেন অহিদুল মণ্ডল (১৮) আৰু চালক ফৰিজুল হক ( ৩৩) হেণ্ডিমেন ইজাজুল হক (২৩) সোধপোছ কৰাত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহে ।
জব্দ কৰা বিসংগতিপূৰ্ণ চালানত উল্লেখ কৰা অনুসৰি চাউল খিনি পশ্চিমবংগৰ শিলিগুৰীৰ চাইন-ফৰ'এবাৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানৰ পৰা গোৱালপাৰা চহৰৰ মৰিয়ম নগৰ স্থিত এ, আই ট্ৰেডাৰ্চ নামৰ প্ৰতিষ্ঠান এখনে ক্ৰয় কৰি উক্ত ট্ৰাকেৰে কঢ়িয়াই ভুটানৰ গেলেংফু চহৰলৈ লৈ ৰপ্তানি কৰা হৈছে । তাৰমানে চাউলখিনি পশ্চিমবংগৰ শিলিগুৰীৰ পৰাই অনা হৈছে ! অথচ আটকাধীন ট্ৰাক দুখনৰ চালক সকলে সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্য অনুসৰি শিলিগুৰীৰ বিপৰীতে গোৱালপাৰা চহৰৰ আমিনুল হক নামৰ এজন ব্যক্তিৰ নেতৃত্বত এখন ট্ৰাক অসমৰ গোৱালপাৰা জিলাৰ টিক্ৰিকিল্লাত আন এখন গোৱালপাৰা চহৰত চাউলৰ বস্তাখিনি ভৰ্তি কৰা হৈছে ।জব্দ কৰা চাউল খিনি এই আন্তৰ্জাতিক চোৰাং চক্ৰটোয়ে কৌশলপূৰ্ণ ভাৱে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বস্তা খালি কৰি অইন সাধাৰণ প্লাষ্টিকৰ বস্তাত ভৰাই অসমৰ দৰিদ্ৰ লোকৰ বাবে আবন্টিত ৰাজহুৱা বিতৰণ চাউল চোৰাং ভাবে বহিঃ ৰাষ্ট্ৰলৈ সৰবৰাহ কৰাৰ তথ্য পোহৰলৈ আহিছে ।
এই ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ এই আন্তৰ্জাতিক চোৰাং বেহাত অসমৰ উপৰি পশ্চিমবংগৰ এটা শক্তিশালী চক্ৰ জড়িত হৈছে এই দুষ্কাৰ্য দীৰ্ঘদিনৰ পৰা চলাই থকাৰ তথ্য আৰক্ষীৰ হাতত আছিল । আৰক্ষীয়ে জব্দ কৰা ট্ৰাক দুখনৰ চাউল খিনি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল বুলি সন্দেহ কৰি আৰু ভুৱা নথিপত্ৰৰে সৰবৰাহ কৰা সন্দৰ্ভত এখন গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে যদিও এই আন্তৰ্জাতিক চোৰাং চাউল সৰবৰাহকাৰী চক্ৰটোৰ সন্দৰ্ভত চিৰাং আৰক্ষীয়ে কোনো তথ্য সংবাদ মাধ্যমৰ আগত আনুষ্ঠানিক ভাবে সদৰি কৰাৰ পৰা বিৰত আছে ।