/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/5850069e-a541-4351-a827-186fc98ff5fd/8.jpg)
ডিজিটেল সংবাদ, বিহালী: বিশ্বনাথ জিলা প্ৰশাসনৰ চূড়ান্ত অকৰ্মন্যতা আৰু কাণ্ডজ্ঞানহীনতাৰ ফলত বিহালীৰ একাংশ ইটাভাটা মালিকে মাইনিং অৰ্ডাৰ অবিহনে খেতি পথাৰ আনকি চিলিং চৰকাৰী ভূমি খনন চলাই তহিলং কৰিছে ৷ অভিযোগমতে , বিহালীৰ একাংশ ইটাভাটাৰ স্বত্বাধিকাৰীৱে দিনে-নিশাই চিলিং চৰকাৰী ভূমি চুৰি কৰি খনন চলাই কেচাঁ ইটা প্ৰস্তুত কাৰ্যত ব্যৱহাৰ কৰি আহিছে ৷
তাৰে ভিতৰত বিহালীৰ বৰগাংৰ KKB নামৰ ইটাভাটাৰ স্বত্বাধিকাৰী জনে নীতি বহিঃভূতভাৱে চিলিং ভূমি খনন চলাই একপ্ৰকাৰে সন্ত্ৰাস সৃষ্টি কৰি আহিছে৷ শেহতীয়াভাৱে বিশ্বনাথ জিলা প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ সুযোগলৈ বিহালীৰ একাংশ ইটাভাটাৰ স্বত্বাধিকাৰীয়ে অবৈধভাৱে এ•এম•চি•চি-২০১৩ আইনক ভৰিৰে গচকি মাটি খনন চলোৱাৰ পৰিণতিত এজন খাটিখোৱা শ্ৰমিকৰ মৃত্যু হ'বলগা ঘটনা সংঘটিত হৈছিল ৷
তথ্যমতে, বিহালীৰ বৰগাং আৰক্ষী চকীৰ অন্তৰ্গত KKB ইটাভাটা মালিক পক্ষই চুৰিকাণ্ডৰে নিশাভাগত বিশ্বনাথ ৰাজহ চক্ৰৰ অধীনৰ মৰাণ গাওঁ নামৰ ৰাজগ গাওঁ এলেকাৰ চিলিং চৰকাৰী মাটি ট্ৰেক্টৰ আৰু ডাম্পাৰে খনন চলাই সৰবৰাহ কৰি থকাৰ সময়ত মাজনিশা এক ট্ৰেক্টৰ দুৰ্ঘটনা সংঘটিত হয়৷ ট্ৰেক্টৰ দুৰ্ঘটনাটোত ট্ৰেক্টৰ চালক সুভম নায়ক নামৰ ২৬ বছৰীয়া যুৱকজনৰ মৃত্যু হয় ৷
পৰিয়ালৰ সদস্যই সদৰি কৰা তথ্যমতে, KKB ইটাভাটাৰ স্বত্বাধিকাৰীয়ে ট্ৰেক্টৰ চালক সুভম নায়কৰ বাহন দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্যটো অৱগত কৰা নাছিল ৷ অভিযোগ অনুসৰি KKB ইটাভাটাত ট্ৰেক্টৰ চালক হিচাপে কৰ্মৰত সুভম নায়কৰ পৰিয়ালৰ অনুসৰি সুভম নায়ক দুৰ্ঘটনাত মৃত্যু হোৱাৰ তথ্য নিদিয়াকৈ ইটাভাটাৰ স্বত্বাধিকাৰীয়ে এখন বাহনৰে তেজপুৰ মেডিকেল কলেজ হস্পিতাললৈ নিয়ে যদিও চিকিৎসকে লোকজন মৃত্যু হোৱা বুলি ঘোষণা কৰে৷
দুৰ্ঘটনাত মৃত্যু হোৱা চালকজনক চিকিৎসকে মৃত বুলি ঘোষণা কৰাৰ পিছত KKB ইটাভাটাৰ মালিক পক্ষই পৰিয়ালৰলোকক সুভম নায়ক এক দুৰ্ঘটনাত আহত হোৱা বুলি মিছা তথ্যৰে তেজপুৰ মেডিকেল কলেজ হস্পিতাললৈ গাড়ীত উঠাই লৈ নিয়া মৃতদেহটো এখন এম্বুলেঞ্চত স্বগৃহলৈ আনে ৷ তাৰপিছত মৃতলোকজনক বিহালী আৰক্ষীয়ে মৃতদেহটো মৰোনত্তৰ পৰীক্ষাৰ বাবে বিহালী প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰে৷
আনহাতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিহালী আঞ্চলিক সমিতিৰ নেতৃত্বই বৰগাংস্থিত KKB ইটাভাটাৰ মালিকৰ বিৰুদ্ধে শ্ৰমিক আইন ভংগৰ গুৰুত অভিযোগ উত্থাপন কৰিছে৷ সংগঠনটোৰ অভিযোগ, KKB ইটাভাটাৰ মালিকে ধাৰাবাহিকভাৱে মৰাণ গাওঁ (ৰাজহ গাওঁ) এলেকাৰ চিলিং চৰকাৰী ভূমি খনন কৰি মাটি চুৰি কাৰ্য চলাই আহিছে ৷ শ্ৰমিক আইন ভংগ কৰি দুপৰ নিশা পৰ্যন্ত শ্ৰমিকক কাম কৰিৱলৈ বাধ্য কৰাৰ ওপৰিও চিলিং চৰকাৰী ভূমি চূৰি কাৰ্যত শ্ৰমিকক ব্যৱহাৰ কৰি আহিছে ৷ এনেদৰে চিলিং চৰকাৰী ভূমি চুৰি কাৰ্য সংঘটিত থকাৰ সময়তে সোমবাৰে নিশা মাটি চুৰি কৰি ট্ৰেক্টৰত সৰবৰাহ কৰি থাকোঁতেই ট্ৰেক্টৰ দুৰ্ঘটনা সংঘটিত হয়৷
ইফালে নিশা মাটি চুৰি কৰি থকাৰ সময়ত ট্ৰেক্টৰ দুৰ্ঘটনা সংঘিটি হৈ শ্ৰমিক ড্ৰাইভাৰ সুভম নায়কৰ মৃত্যু হোৱাৰ খবৰ বিয়পি পৰাৰ পিছতেই বিহালীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ আনহাতে বিহালীৰ দল-সংগঠনে চিলিং চৰকাৰী মাটি চুৰিকাণ্ডত শ্ৰমিক আইন ভংগৰ লগতে ট্ৰেক্টৰ চালক সুভম নায়কৰ মৃত্যু গোচৰত KKB ইটাভাটাৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰি জেল-হাজোতলৈ প্ৰেৰণৰ দাবী উত্থাপন কৰিছে ৷
তদুপৰি, নিশা চিলিং চৰকাৰী ভূমি খনন কাৰ্যত ব্যৱহাৰ কৰা জে•চি•বি দুৰ্ঘটনাত পতিত হোৱা ট্ৰেক্টৰ আৰু মাটি সৰবৰাহ কৰা ট্ৰেক্টৰৰ ট্ৰেইল জব্দ কৰাৰ দাবী উত্থাপন কৰিছে দল-সংগঠনে৷ সমান্তৰালভাৱে, যিসমূহ ইটাভাটাৰ স্বত্বাধিকাৰীৰ নামতে নিজা ভোগদখলত ভূমি নাই আৰু চলিত বৰ্ষত কোনো মাইনিং অৰ্ডাৰ নোলোৱাকৈ ইটাভাটাত ইটা প্ৰস্তুত কৰি আহিছে সেই ইটাভাটাসমূহ বিশ্বনাথ জিলা প্ৰশাসনক শ্বীল কৰিৱলৈ দাবী উত্থাপন কৰিছে বিহালীৰ দল সংগঠনে ৷
উল্লেখ্যযোগ্য যে, বিহালীৰ ইটাভাটাৰ মালিক গোষ্ঠীটোৰ বিৰুদ্ধে অবৈধ ভূমি খননৰ দেধাৰ অভিযোগ আছে ৷ বিহালীৰ ইটাভাটাৰ মালিক পক্ষই খেতি পথাৰত অবৈধ খনন চলোৱাৰ ফলত কৃষিভূমি বিনষ্ট হোৱাৰ ওপৰিও বৃহৎ বৃহৎ খালত পৰি বহুলোকৰ মৃত্যু পৰ্যন্ত হৈছে ৷
যোৱা দেওবাৰেও বিহালীৰ MAA নামৰ ইটাভাটাই অবৈধভাৱে খনন কৰি গভীৰ খাল সৃষ্টি কৰি থোৱা খালত পৰি কবিতা বৰ্মন নামৰ ৭ বছৰীয়া এগৰাকী শিশুৰ সলিল সমাধি ঘটিছিল৷ কনমানি শিশু এটাৰ কৰুণ মৃত্যুৰ শোঁক মাৰ নৌ যাওঁতেই পুনৰ KKB ইটাভাটাত কৰ্মৰত আন এজন শ্ৰমিকে প্ৰাণ হেৰুওৱা ঘটনাই সমগ্ৰ বিহালীৰ সচেতন মহলৰ মাজত বিশ্বনাথ জিলা প্ৰশাসনৰ ভূমিকাৰ প্ৰতি প্ৰশ্ন তুলিছে৷
আশ্বৰ্যকৰ বিষয়টো হ'ল, বিশ্বনাথ জিলা প্ৰশাসনে বিহালীস্থিত ইটাভাটাৰ মালিক পক্ষই চোৰাঙকৈ চিলিং চৰকাৰী ভূমি আৰু খেতি পথাৰৰ খনন চলোৱাৰ পিছতো কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰি মৌনতাৰে হাত সাৱতি বহি থকাৰ বিষয়টো ৰহস্যজনক ৷ চকু কপালত উঠা বিষয়টো হ'ল যিসময়ত সাধাৰণ খাটিখোৱাই নিজাবাহন খনলৈ নিজ পদুলিৰ পৰা ওলাই গ'লেই আৰক্ষীয়ে জৰিমনা দীঘলীয়া ৰচিদ কাটি আহিছে সেইসময়ত এনেদৰে দিনে নিশাই চুৰিকাণ্ডৰে ৰাজহুৱা সম্পতি খনন কৰি ৰমৰমীয়া বেহা চলাই অহাৰ পিছতো প্ৰশাসনে পুজিপতি ইটাভাটাৰ মালিক পক্ষক নাকী লগোৱা পৰিলক্ষিত হোৱা নাই৷
এককথাত বিশ্বনাথ জিলা প্ৰশাসনে বিহালীৰ ইটাভাটা মালিক পক্ষই অবৈধভূমি খননক মৌনতাৰে বৈধ্যতাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিছে ! যাৰবাবে বিহালীৰ ইটাভাটা মালিক পক্ষই কোনো গুৰু গোঁসাই নমা হৈছে ৷
তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল, KKB ইটাভাটাত সংঘটিক ট্ৰেক্টৰ দুৰ্ঘটনাটোৰ সন্দৰ্ভত বৰাংগ আৰক্ষীয়ে AS 12 BC 2934 নম্বৰৰ ট্ৰেক্টৰ এখন জব্দ কৰিছে যদিও অদ্যাপি আৰক্ষীয়ে জে•চি•বি আৰু ট্ৰেক্টৰৰ ট্ৰেইলৰ জব্দ কৰা নাই ৷ কি কাৰণত বৰগাং আৰক্ষীয়ে ট্ৰেক্টৰৰ ট্ৰেইলৰ আৰু জে•চি•বি জব্দ কৰা নাই সেই বিষয়টোকলৈ প্ৰশ্ন উঠিছে ৷
তথ্যমতে , ট্ৰেক্টৰ দুৰ্ঘটনাটো মাটি সৰবৰাহ কৰি থকাৰ সময়ত সংঘটিত হৈছিল ৷ তেনেক্ষেত্ৰত বৰগাং আৰক্ষীয়ে ট্ৰেক্টৰৰ ট্ৰেইলৰ জব্দ কৰাটো জৰুৰী আছিল যদিও বৰগাং আৰক্ষীয়ে কি কাৰণত ট্ৰেইলৰ খন জব্দ কৰা নাই সিও এক ৰহস্যৰ বিষয় হিচাপে চিহ্নিত হৈছে ৷ এক সূত্ৰই দিয়া তথ্য মতে KKB ইটাভাটাই মাটি সৰবৰাহ কৰা ট্ৰেইলাৰৰ ৰেজিষ্ট্ৰেশ্ব'ন নাই ৷
Also Read: মৃত্যু সুলভ! ক'ত হেৰাল জীৱনৰ মাদকতা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us