/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/9ccbd3b8-4f09-496e-aacc-4c0f3eddfb71/web_copy.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ এক গোপনসূত্ৰৰ পম খেদি চতিয়া আৰক্ষীয়ে এখন অবৈধ সুৰাভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে ৷ শুকুৰবাৰে নিশা ভাৰপ্ৰাপ্ত বিষয়া আৰু চক্ৰ পৰিদৰ্শকৰ নেতৃত্বত এক অভিযানত এএছ-০১-কেচি-১২১৪ নম্বৰৰ সুৰাভৰ্তি ট্ৰাকখন অৰুণাচল চিজুছাৰ পৰা ইটাখোলাৰ অভিমুখী পথত জব্দ কৰে।
ঘটনাৰ সন্দৰ্ভত দুজনক আটক কৰিছে চতিয়া আৰক্ষীয়ে ৷ আনহাতে বাতৰি লিখা পৰ্যন্ত ট্ৰাকৰ ভিতৰত কিমান সুৰা আছে জানিবলৈ পৰা হোৱা নাই ৷ উল্লেখ্য যে, আৰক্ষীয়ে সুৰাভৰ্তি ট্ৰাকখনৰ বিষয়ে অনুসন্ধান অব্যাহত ৰাখিছে৷
Also Read: কৃত্ৰিম বানে আগুৰি ধৰিছে গুৱাহাটীকঃ ফেৰীঘাটতো আৱদ্ধ শ-শ যাত্ৰী