বাইহাটা চাৰিআলিত অবৈধ সুৰা জব্দ : এজনক আটক

বাইহাটা চাৰিআলিত অবৈধ সুৰা জব্দ : এজনক আটক

author-image
Asomiya Pratidin
New Update
বাইহাটা চাৰিআলিত অবৈধ সুৰা জব্দ : এজনক আটক

ডিজিটেল সংবাদ দুমুনিচকী : কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বালিকুচিৰ পৰা শুকুৰবাৰে নিশা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয়। সুৰা জব্দ কৰাৰ লগতে অনুজ্ঞাপত্ৰ অবিহনে দীৰ্ঘদিন ধৰি অবৈধ সুৰাৰ ৰমৰমীয়া ব্যাৱসায় চলাই থকা প্ৰদীপ ডেকাক আটক কৰে।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে স্থানীয় আৰক্ষীয়ে গোপন সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত নিশা এই অভিযান চলাইছিল। অভিযুক্ত ডেকাক সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা চলাই আছে।

Also Read: দৰঙত জিলা উন্নয়ন সমিতিৰ সভা সম্পন্ন...

Baihata chariali police Assam police