কাছাৰৰ ধলাইত ৬ খন সোণৰ বিস্কুটসহ তিনি মিজো লোকক আটক

ৰাজ্যত অব্যাহত আছে অবৈধ সোণৰ ব্যৱসায়। কাছাৰত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ৬ খন সোণৰ বিস্কুট। এই অভিযানত আটক কৰা হয় তিনি সৰবৰাহকাৰীক। কাছাৰৰ ধলাইৰ ৰাংগাউটিত চলিছিল আৰক্ষীৰ এই অভিযান।

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

আৰক্ষীয়ে জব্দ কৰে ৬ খন সোণৰ বিস্কুট

ডিজিটেল সংবাদ, শিলচৰ: ৰাজ্যত অব্যাহত আছে অবৈধ সোণৰ ব্যৱসায়। কাছাৰত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ৬ খন সোণৰ বিস্কুট। এই অভিযানত আটক কৰা হয় তিনি সৰবৰাহকাৰীক। কাছাৰৰ ধলাইৰ ৰাংগাউটিত চলিছিল আৰক্ষীৰ এই অভিযান।

Advertisment

এই অভিযানত এগৰাকী মহিলাসহ আটক কৰা ৩ সৰবৰাহকাৰী হৈছে মিজোৰামৰ লোক। আটকাধীন সৰবৰাহকাৰী কেইটাৰ নাম থাংমিংগা ,ৰেমলালং হেকা আৰু লালানুন পুই।  ধৃত তিনিও জনৰ ঘৰ মিজোৰামৰ আইজলত। জব্দ কৰা সোণৰ বিস্কুট কেইখনৰ ওজন ৯৪৯ গ্ৰাম । এই সোণখিনিৰ মূল্য কেইবা লাখ টকা। সোণখিনি ৰ পৰা মিজোৰাম হৈ কাছাৰত বিক্ৰীৰ বাবে অনা হৈছিল বুলি সন্দেহ আৰক্ষীৰ। 

ম্যানমাৰ ধলাই কাছাৰ অবৈধ সোণ