চোৰাং গো-ধন সৰবৰাহকাৰীক আটক

চোৰাং গো-ধন সৰবৰাহকাৰীক আটক

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱত অব্যাহত আছে চোৰাং গো-ধনৰ সৰবৰাহ ৷ ট্ৰাকে ট্ৰাকে মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহ হয় চোৰাং গো-ধন ৷ নগাঁৱৰ বৰঘাটত চোৰাং গো-ধন সহ ট্ৰাক জব্দ ৷ আৰক্ষীয়ে আটক কৰি দুজনকৈ লোকক আটক ৷ আটকাধীন লোক দুজন হৈছে কোকৰাঝাৰৰ ছাহাজুল হক আৰু বঙাইগাঁৱৰ আকাশ আলি ৷

জব্দকৃত ট্ৰাকখনৰ নম্বৰ হৈছে এন এল ০১ এ চি ৬৯৬৩ ৷ নুমলীগড়ৰ পৰা যোৰাবাট অভিমুখে আহি আছিল ট্ৰাকখন ৷ ট্ৰাকখনত আছিল ২৪ টাকৈ পশুধন । ট্ৰাকৰ ওপৰত তুঁহৰ বস্তাৰে ঢাকি কৌশলৰে লুকুৱাই আনিছিল চোৰাং গো-ধন কেইটা ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in