লামডিঙত চলিছে ৰেলৱে সামগ্ৰীৰ চোৰাং বেহা, ২ গ্ৰেপ্তাৰ…

লামডিঙত চলিছে ৰেলৱে সামগ্ৰীৰ চোৰাং বেহা, ২ গ্ৰেপ্তাৰ…

author-image
asomiyapratidin
New Update
লামডিঙত চলিছে ৰেলৱে সামগ্ৰীৰ চোৰাং বেহা, ২ গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, লামডিং: লামডিঙত ৰেলৱেৰ চোৰাং লোহাৰসহ দুজনক গ্ৰেপ্তাৰ কৰে ৰেলৱে সুৰক্ষা বাহিনীয়ে।লামডিং ড্ৰিজেল চেডৰ কাৰ্যলয়ত থকা ৰেলৱেৰ পুৰণি লোহাৰৰ সামগ্ৰীক লৈ একাংশই চলাইছে চোৰাং ব্যৱসায় ৷

Advertisment

ৰবিবাৰে লামডিং ৰেলৱে সুৰক্ষা বাহিনীয়ে গোপন সূত্ৰ পম খেদি ডিমাহাচাও জিলাৰ মান্দাৰদিচাত জব্দ কৰে লোহাৰ ভৰ্তি ট্ৰাকসহ ট্ৰাকৰ চালক, হেণ্ডিমেনক গ্ৰেৰেপ্তাৰ ৷

ৰেলৱে সুৰক্ষাবানীয়ে AS 12 E 7167 নম্বৰৰ ট্ৰাক সহ ১৩টন চোৰাং লোহা জব্দ কৰিছে। আৰপিএফে 1(4) 22, under section 3(a)RP(UP) act ৰ অধীনত এটি গোচৰো ৰুজু কৰিছে ৷

গ্ৰেপ্তাৰ কৰা ব্যক্তি দুগৰাকী ক্ৰমে লামডিং জৰংদিচাৰ চালক দিলীপ দাস আৰু আনন্দনগৰৰ হেণ্ডিমেন নিতাই দাস।

ইয়াৰ লগতে জড়িত থকাৰ সন্দেহত লামডিঙৰ মজুমদাৰ উপাধিৰ এজন যুৱকক আৰু ড্ৰিজেল চেডৰ চিৰচয়ী পাল উপাধিৰ এগৰাকী ৰেলৱে অভিযন্তাক, এগৰাকী ৰেলৱে কৰ্মচাৰীকো সোধ পোছৰ বাবে থানালৈ তলৱ কৰিছে ৷

ৰেলৱে সুৰক্ষাবাহিনীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ মতে এই চোৰাং ব্যসায়ৰ লগত আৰু বহু ব্যক্তি জড়িত আছে আৰু তেওঁলোকে তদন্ত অব্যহত ৰাখিছে ৷

আৰু পঢ়ক: ৬০টা ৱাৰ্ডৰ ৫৮ টাত বিজেপি মিত্ৰজোঁটৰ জয়…

assam lumding