/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/sijis.jpg)
ডিজিটেল সংবাদ, নগৰবেৰাঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ভখুৰাদিয়াত
মঙলবাৰে এগৰাকী পাষণ্ড স্বামীয়ে পত্নীক নৃশংসভাৱে হত্যা কৰা এক ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অভিযোগ অনুসৰি জানিব পৰা মতে. ভখুৰাদিয়া গাঁৱৰ বাহেজ আলী নামৰ লোকজনে আজি দিনৰ প্ৰায় আঢ়ৈ বজাত পত্নী মফিদা খাতুনক চোকা অস্ত্ৰৰে পেটৰ লগতে একাধিক স্থানত উপৰ্যুপৰি ঘপিয়াই হত্যা কৰে। পাৰিবাৰিক কন্দলৰ বাবেই স্বামীয়ে অতি নৃশংস ভাৱে হত্যা কৰে মফিদা খাতুন নামৰ বোৱাৰী গৰাকীক।
ঘটনাটোৰ খবৰ পাই ততাতৈয়াকৈ স্থানীয় টুপামাৰী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে পত্নী হত্যাকাৰী বাহেজ আলীক আটক কৰিছে ।তদুপৰি আৰক্ষীয়ে মহিলা গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়।তিনিটা সন্তান মাতৃ মহিলা গৰাকীক এনেদৰে নৃশংসভাৱে কৰা হত্যাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে মাজে মাজেই স্বামী বাহেজ আলীয়ে পত্নী মফিদা খাতুনক শাৰিৰীকভাৱে নিৰ্যাতন চলাই আহিছিল।
এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চেপা উত্তেজনাৰ লগতে তীব্ৰ আতংকৰ সৃষ্টি কৰিছে । ইফালে ঘটনাটোক কেন্দ্ৰ কৰি পৰিস্থিতি যাতে অধিক অৱনতি নঘটে তালৈ লক্ষ্য ৰাখি ইতিমধ্যে ঘটনাস্থলীত নগৰবেৰা আৰক্ষীৰ এটা দল উপস্থিত হৈছে।স্থানীয় ৰাইজ আৰু দল সংগঠনে পত্নী হত্যাকাৰী স্বামী বাহেজ আলীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে।
আৰু পঢ়ক: নিজৰ মাতৃভাষাক সন্মান জনোৱা উচিত: মাকুমত শংকৰজ্যোতি বৰুৱা