পত্নীক হত্যা কৰি পেলাই দিলে নদীত, অভিযুক্তক হাজিৰ আদালতত

মানকাচৰৰ কালাপানীত হত্যাৰ অভিযুক্তক গ্ৰেপ্তাৰ। কালাপানী আৰক্ষীয়ে অভিযুক্তগৰাকীক গ্ৰেপ্তাৰ কৰি বুধবাৰে হাজিৰ কৰিছে আদালতত।

author-image
Asomiya Pratidin
New Update
পত্নীক হত্যা কৰি পেলাই দিলে নদীত, অভিযুক্তক হাজিৰ আদালতত

ডিজিটেল সংবাদ,মানকাচৰঃ মানকাচৰৰ কালাপানীত হত্যাৰ অভিযুক্তক গ্ৰেপ্তাৰ। কালাপানী আৰক্ষীয়ে অভিযুক্তগৰাকীক গ্ৰেপ্তাৰ কৰি বুধবাৰে হাজিৰ কৰিছে আদালতত।

অভিযুক্তৰ নাম হাফিজুৰ ৰহমান বুলি জানিব পৰা গৈছে। হাফিজুৰে নিজৰ পত্নীক হত্যা কৰি পেলাই দিছিল কালো নদীত। তাৰপাছতে ৫ ছেপ্টেম্বৰত কালো নদীত উদ্ধাৰ হৈছিল মৃতদেহ। বৰ্তমানলৈ জানিব পৰা হোৱা নাই হত্যাৰ কাৰণ।

তেতিয়াৰ পৰা পলাতক অৱস্থাত থকা হাফিজুৰ ৰহমানক বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে।বৰ্তমান জিলা সত্ৰ ও ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হৈছে।

Also Read: চি এম ভিজিলেন্সৰ জেৰাত বিস্ফোৰক মন্তব্য প্ৰাক্তন সাংসদ ৰাণী নৰহৰ

assampolice