/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/9714d3af-3127-45ee-953c-8598f23aa6b2/bojo.jpg)
ডিজিটেল সংবাদ,চৰাইদেউঃ বুধবাৰে চৰাইদেউ পৰ্বত চাহ বাগিচা এক হত্যাকাণ্ড সংঘটিত হয় ৷ টেঙাপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত চৰাইদেউ পৰ্বত চাহ বাগিচাৰ লেঙীবৰৰ ৫ নং বাকো পুখুৰী ঘাচি পট্টীত সুনীতা ওৰাং (৪৫) নামৰ মহিলা গৰাকীক স্বামী মইনুল হক(৪৮) হত্যা কৰা অভিযোগত আৰক্ষীয়ে আটক কৰিছে ৷
স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি মঙলবাৰে নিশা মইনুল হক(৪৮) নামৰ লোকজনে নিশা বহু পৰলৈকে পত্নীৰে কাজিয়াত লিপ্ত হয়। স্থানীয় একাংশ লোকে স্বামী স্ত্ৰীৰ কাজিয়াখন ভাঙিবলৈ নিশা নিজ নিজ ঘৰৰ পৰা ওলাই আহে যদিও মইনুল হক নামৰ লোকজনে ঘৰৰ দুৱাৰ বন্ধ কৰি থয়।
পাছত পত্নীক হত্যা কৰাৰ অন্তত লোক জনে ঘৰৰ দুৱাৰ খুলি দিয়াত একাংশ প্ৰতিবেশীয়ে ভিতৰ সোমাই মহিলা গৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰে। ঘাতক স্বামী গৰাকীয়ে পত্নীক ডিঙি চেপি হত্যা কৰাৰ সন্দেহ কৰা হৈছে। ইফালে আৰক্ষীয়ে ঘাতক স্বামী আটক কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে