/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/bed13c6d-fd00-4e87-bc4c-31efe2817421/tiri.jpg)
ডিজিটেল সংবাদ,লামডিং : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে মহিলাৰ ওপৰত নিৰ্যাতনৰ ঘটনা। তেনে সময়তে লামডিঙত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। সভ্য সমাজত লজ্জানত কৰা লামডিঙৰ এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
লামডিং ৩ং হাতীখুলি গাঁৱৰ এগৰাকী মহিলাক নিজৰ স্বামী আৰু শাহুৱেকে পাশৱিক নিৰ্যাতন চলোৱাৰ সমগ্ৰ দৃশ্য পোহৰলৈ আহিছে। জানিব পৰা মতে সুজিত গোৱাল নামৰ লোক জনে সুৰাৰ ৰাগীত মাতাল হৈ নিজ পত্নীক বিবস্ৰ কৰি নিৰ্যাতন চলোৱাৰ লগতে জুই লগা খৰি পত্নীৰ গাত লগাই দিয়ে।
ভুক্তভোগী মহিলাগৰাকীয়ে স্বামী সুজিতৰ এনে কাণ্ড সন্দৰ্ভত লামডিং আৰক্ষী থানত এহাজাৰ দাখিল কৰিছে। এই ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চাল্যাৰ সৃষ্টি হৈছে।
Also Read: মণিপুৰঃ ভাৰতীয় জাতীয়তাবাদৰ ওপৰত প্ৰতিফলন