হৃদয়বিদাৰক! পত্নীৰ মৃত্যুৰ ১০ দিন পাছতেই শোকত ভাগি পৰা স্বামীৰ মৃত্যু…

হৃদয়বিদাৰক! পত্নীৰ মৃত্যুৰ ১০ দিন পাছতেই শোকত ভাগি পৰা স্বামীৰ মৃত্যু…

author-image
asomiyapratidin
New Update
হৃদয়বিদাৰক!  পত্নীৰ মৃত্যুৰ ১০ দিন পাছতেই শোকত ভাগি পৰা স্বামীৰ মৃত্যু…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ হাতীচোং নমাটি গাঁৱত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। পত্নীৰ মৃত্যুৰ দহাৰ দিনাই মৃত্যু হয় স্বামীৰ।

নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ন-মাটি গাঁৱৰ শৈলেন্দ্ৰ বৰুৱাৰ পত্নী জুৰি বৰুৱাৰ দহ দিন পূৰ্বে মৃত্যু হৈছিল। পত্নী জুৰিৰ মৃত্যুৰ পাছত মৰমৰ পত্নীক হেৰুৱাই মানসিক ভাৱে ভাৰাক্ৰান্ত হৈ পৰিছিল স্বামী শৈলেন্দ্ৰ বৰুৱা। যাৰ পৰিপেক্ষিতত তেওঁ লাহে লাহে জ্বৰত আক্ৰান্ত হৈ পৰিছিল।

এনেদৰে অসুস্থ হৈ দহাৰ দিনা শ্ৰাদ্ধ(সকাম)ৰ পূৰ্বেই সোমবাৰে পুৱাই মৃত্যুক সাৱটি লয়। যাৰ বাবে শোকাকুল পৰিবেশৰ সৃষ্টি হয়। দহ দিনৰ ব্যৱধানত নিজৰ পিতৃ মাতৃক হেৰুৱাই একমাত্ৰ কন্যাৰ এটিয়া চকুলোৰে বাট নেদেখা অৱস্থা। এনেদৰে স্বামী-স্ত্ৰীৰ একেলগে মৃত্যুৰ কৰুন ঘটনাই সকলোৰে হৃদয় সেমেকাই তুলিছে।

আৰু পঢ়ক: ৬৪ মাহ ধৰি নাই দৰমহা, চিকিৎসাৰ খৰচ বহনত ব্যৰ্থ কাছাৰ পেপাৰ মিলৰ কৰ্মচাৰীৰ মৃত্যু…

batadrava assam