/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/sdffffff.jpg)
ডিজিটেল সংবাদ, মৰিগাঁও: মৰিগাঁও ধৰমতুল আৰক্ষী চকীৰ অন্তৰ্গত আহতগুৰিৰ মা চণ্ডিকা নামৰ ধাবা খনত কৰ্মৰত এগৰাকী মহিলাক দাৰে ঘপিয়াই আহত কৰে নিজ স্বামীয়ে। বুধবাৰে সংঘটিত হয় এই ঘটনা।
আহতগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা মা চণ্ডিকা নামৰ ধাবাখনত কৰ্মৰত আছিল মহিলা গৰাকী।মহিলা গৰাকী আহাতগুৰি গাঁৱৰ। হিমা দাস নামৰ মহিলা গৰাকী স্বামী জয়দেৱ দাসৰ সৈতে আহতগুৰি গাঁৱতে আছিল কেইবাবছৰ ধৰি।
কিন্তু দুয়োৰে সংঘাটৰ বাবে দুই সন্তান সহ হিমাক এৰি আঁতৰি গৈছিল জয়দেৱ। আজি হঠাতে হিমাই কৰ্মৰত মা চন্ডিকা ধাবাত প্ৰৱেশ কৰি আক্রমন চলাই জয়দেৱ দাসে।
দাৰ ঘাপত ঢলি পৰা হিমাক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও হিমাক আক্ৰমণ কৰি জয়দেৱ পলাই যায়।
পৰৱৰ্তী সময়ত ধৰমতুল আৰক্ষীয়ে জয়দেৱক জানপাৰৰ পৰা দৌৰাই দৌৰাই আটক কৰে। স্বামী জয়দেবে আৰু পত্নী হিমা দাসৰ মাজত বহু দিনৰ পৰা সংঘাত চলি আছিল। যাৰ ফলত এই ঘটনা সংঘটিত হয় বুলি সন্দেহ কৰা হৈছে।
আৰু পঢ়ক: আলফা(স্বা)ত যোগদান উদীয়মান কণ্ঠশিল্পীৰ লগতে কনিষ্ঠ অভিযন্তা…