/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/152016cb-b541-4a78-9bad-2aae53f59d9d/tanker.jpg)
ডিজিটেল সংবাদ, শিলচৰ : অবৈধ বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কঠোৰ পদক্ষেপ লোৱাৰ পিচতো বৰাকৰ মাজেৰে আজিও অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ চোৰাং সৰবৰাহ ৷ ন ন কৌশল অৱলম্বন কৰি চোৰাং ব্যৱসায়ীয়ে নিতৌ বৰাকৰ মাজেৰে বহি: ৰাজ্যলৈ সৰবৰাহ কৰি আহিছে অবৈধ বাৰ্মিজ চুপাৰী ৷ আৰক্ষীৰ চকুত ধুলি দিবলৈ এইবাৰ তেলৰ টেংকাৰত ভৰাই বাৰ্মিজ চুপাৰী সৰবৰাহ চোৰাং ব্যৱসায়ীৰ ৷ আৰক্ষী যদি ডালে ডালে, তেন্তে চোৰাং ব্যৱসায়ী পাতে পাতে ৷
এইদৰে মিজোৰামৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰাৰ সময়ত মঙলবাৰে নিশা আৰু বুধবাৰে ৰাতিপুৱা কাছাৰত দুখন তেলৰ টেংকাৰৰ পৰা জব্দ কৰা হয় বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী ৷ মিজোৰামৰ পৰা গোপনে সৰবৰাহ কৰাৰ সময়ত নিশা কাছাৰৰ দুৱাৰবন্দত আৰক্ষীয়ে জব্দ কৰে প্ৰায় ১৭০ বস্তা বাৰ্মিজ চুপাৰী ৷
গোপন তথ্যৰ ভিত্তিত দুৱাৰবন্দ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰজ্ঞান কুমাৰ গগৈৰ নেতৃত্বত আৰক্ষীৰ দল এটাই নিশা মিজোৰামৰ পৰা শিলচৰ অভিমুখী MZ-0-D-9658 নম্বৰৰ তেলৰ টেংকাৰ খনত অভিযান চলাই চুপাৰিৰ বস্তা সমুহ জব্দ কৰে ৷ চুপাৰী বস্তাবোৰ টেংকাৰৰ তেল পৰিবহন কৰা বাংকাৰৰ ভিতৰত লুকুৱাই অনা হৈছিল ৷ টেংকাৰ খনৰ তিনিটা বাংকাৰৰ পৰা মুঠ ১৭০ বস্তা চুপাৰী জব্দ কৰা হয় ৷ চুপাৰীৰ সৈতে গ্ৰেপ্তাৰ কৰা হয় টেংকাৰৰ চালক আৰু সহ: চালক কমৰুল হুছেইন লস্কৰ আৰু আকবৰ হুছেইন মজুমদাৰক ৷ দুয়োজনৰ ঘৰ শিলচৰৰ উত্তৰ কৃষ্ণপুৰত ৷ জব্দ কৰা চুপাৰীখিনি শিলচৰৰ এজন ব্যৱসায়ীক চমজাই দিয়াৰ কথা আছিল ৷
আনহাতে বুধবাৰে ৰাতিপুৱা লাইলাপুৰত AS01 FC - 9272 নম্বৰৰ তেলৰ টেংকাৰত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে বাৰ্মিজ চুপাৰী ভৰ্তি দুই শতাধিক বস্তা ৷ মিজোৰামৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰাৰ সময়ত চুপাৰী খিনি জব্দ কৰা হয় ৷ চুপাৰীৰ সৈতে গ্ৰেপ্তাৰ কৰা হয় লংকা তিনি আলি বজাৰৰ বাবুল হুছেইন লস্কৰ আৰু বদৰুল হক লস্কৰক ৷ দুয়োখন থানাৰ আৰক্ষীয়ে জব্দ কৰা চুপাৰী খিনিৰ মুল্য কেইবা লাখ টকা হ'ব বুলি সদৰী কৰিছে ৷