/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/kjhkdj.jpg)
ডিজিটেল সংবাদ,নগাঁও: তিনি মাহৰ পিছত আৰক্ষীৰ জালত পৰিল ছাবিনা ইয়াচমিন ৷ শুকুৰবাৰে পুৱতি নিশা হোজাই আৰক্ষীয়ে গুৱাহাটীৰ এটি ফ্লেটত অভিযান চলাই আন্তঃৰাষ্ট্ৰীয় নাৰী সৰবৰাহকাৰী চক্ৰৰ নায়িকা ইয়াচমিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ চলিত বৰ্ষৰ ২ মাৰ্চৰ পৰা ছাবিনা ইয়াচমিনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল হোজাই জিলা আৰক্ষীয়ে ৷
হোজাইৰ আৰক্ষী অধীক্ষক বৰুন পুৰকায়ষ্ঠৰ নেতৃত্বত গোপন খবৰৰ ভিত্তিত গুৱাহাটীৰ সাতগাঁৱত এটি ব্যক্তিগত ফ্লেটৰ পৰা হোজাই আৰু ডবকাৰ এটি আৰক্ষীৰ দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ইয়াচমিনক ৷
প্ৰৱঞ্চনাৰে অসমৰ বিভিন্ন প্ৰান্তৰ মহিলা, যুৱতীক বহিঃৰাষ্ট্ৰলৈ সৰবৰাহ কৰাৰ অভিযোগ আছে
গ্ৰেপ্তাৰ হোৱা ইয়াচমিনৰ বিৰুদ্ধে ৷ লগতে নকল আন্তঃৰাষ্ট্ৰীয় পাৰপত্ৰ প্ৰস্তুত কৰি দিয়াৰো অভিযোগ আছে মহিলা গৰাকীৰ বিৰুদ্ধে৷
মহিলাগৰাকীৰ ডবকাৰ বাসগৃহত মাৰ্চত অভিযান চলাই আৰক্ষীয়ে ২৫ খনকৈ আন্তঃৰাষ্ট্ৰীয় পৰপত্ৰৰ লগতে বিভিন্ন মহিলা, যুৱতীৰ নথি পত্ৰ জব্দ কৰিছিল ৷ হোজাই থানাত ৰুজু হৈ থকা গোচৰ ক্ৰমে ১৯৮/২০২২,৯৭/২০২২ আৰু ডবকা থানাৰ ৭২/২০২২ নম্বৰত অভিযুক্ত মহিলাগৰাকী ৷
আৰু পঢ়ক: নৰেন্দ্ৰ মোডী চৰকাৰৰ আঠ বছৰীয়া উন্নয়নৰ খতিয়ান দিলে সাংসদ প্ৰদান বৰুৱাই…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us