/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল ডেস্ক: উত্তৰ প্রদেশৰ মেৰুৰ পৰা উদ্ধাৰ অসমৰ যুৱতীক। তিতাবৰ আৰক্ষীয়ে উদ্ধাৰ কৰে তিতাবৰৰ বৰহোলাৰ যুৱতীগৰাকীক।
মানৱ সৰবৰাহকাৰীৰ চক্রৰ পৰা উদ্ধাৰ যুৱতীগৰাকীক। জানিব পৰা মতে বহিঃৰাজ্যত কৰ্মসংস্থাপনৰ প্রলোভন দি লৈ গৈছিল যুৱতী গৰাকীক।
অভিযোগ অনুসৰি দিপা ঘাটোৱাৰ নামৰ এগৰাকী মহিলাই বিক্রী কৰিছিল যুৱতীগৰাকীক। ইতিমধ্যে ঘটনাৰে জড়িত গুলবেৰী কুমাৰ নামৰ এজনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। গুলবেৰী কুমাৰক তিতাবৰ মহকুমা ন্যায়িক আদালতত হাজিৰ কৰোৱা হয়।
আৰু পঢ়ক: তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ সাক্ষাৎকাৰত অৱতীৰ্ন হ'ব লগা সকলৰ বাবে ভাল খবৰ…