বৃহৎ ব্যৱধানত জয়ী হোৱা অসমৰ তিনি প্ৰাৰ্থী

বৃহৎ ব্যৱধানত জয়ী হোৱা অসমৰ তিনি প্ৰাৰ্থী

author-image
asomiyapratidin
New Update
অসমত ৭খন আসনত আগবাঢ়ি আছে বিজেপি…

ডিজিটেল ডেস্কঃ অসমৰ ১৪ খন আসনৰ ভিতৰত ৯ খন আসনত বিজেপি, ৩ খনত কংগ্ৰেছ এখনত এআইইউডিএফ আৰু এখনত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। ৯ খন আসনত জয়ী হোৱা বিজেপিয়ে সবাতোকৈ বৃহত্ ব্যৱধানত জয়ী হোৱা সমষ্টিটো হৈছে ১৩নং ডিব্ৰুগড় লোকসভা সমষ্টি।

Advertisment

বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে কংগ্ৰেছ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰক ৩৬৪৫৬৬টা ভোটত পৰাভূত কৰে। সমষ্টিটোত পৱন সিং ঘাটোৱাৰে ২৯৫০১৭ টা ভোট লাভ কৰাৰ বিপৰীতে বিজয়ী প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে লাভ কৰে ৬৫৯৫৮৩টা ভোট।

আনহাতে বৃহত্ ব্যৱধানত জয়ী হোৱা দ্বিতীয়টো সমষ্টি হৈছে ১৪নং লখিমপুৰ সমষ্টি। প্ৰদান বৰুৱাই কংগ্ৰেছৰ প্ৰাৰ্থী অনিল বৰগোহাঁইক ৩৫০৫৫১টা ভোটত পৰাভূত কৰে। সমষ্টিটোত প্ৰদান বৰুৱাই ৭৭৪০১৭টা ভোট লাভ কৰাৰ বিপৰীতে অনিল বৰগোহাঁইয়ে লাভ কৰি ৪২৫০০২টা ভোট।

তৃতীয়টো বৃহত্ ব্যৱধানত জয়ী হোৱা সমষ্টি হৈছে ৭নং গুৱাহাটী লোকসভা সমষ্টি। সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাক ৩৪৫৬০৬ টা ভোটত পৰাভূত কৰে বিজেপি প্ৰাৰ্থী কুইন ওজাই। সমষ্টিটোত কুইন ওজাই ১০০৮৯৩৬টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ ববিতা শৰ্মাই লাভ কৰে ৬৬৩৩৩০টা ভোট।