বাইহাটা চাৰিআলিৰ পৰা বৃহৎ পৰিমাণৰ চাউল জব্দঃ গোচৰ ৰুজু কৰিয়েই দায়িত্ব সামৰিছে আৰক্ষীয়ে…

বাইহাটা চাৰিআলিৰ পৰা বৃহৎ পৰিমাণৰ চাউল জব্দঃ গোচৰ ৰুজু কৰিয়েই দায়িত্ব সামৰিছে আৰক্ষীয়ে…

author-image
asomiyapratidin
New Update
বাইহাটা চাৰিআলিৰ পৰা বৃহৎ পৰিমাণৰ চাউল জব্দঃ গোচৰ ৰুজু কৰিয়েই দায়িত্ব সামৰিছে  আৰক্ষীয়ে…

ডিজিটেল সংবাদ দুমুনিচকী:  যোগান বিভাগৰ চাউল এগৰাকী ব্যৱসায়ীৰ বাসগৃহৰ পৰা হাতে-লোটে জব্দ কৰাৰ ১৫ দিন পাৰ হৈ যোৱাৰ পিছতো বাইহাটা চাৰিআলি থানাৰ আৰক্ষীয়ে অভিযুক্তসকলক আটক কৰিবলৈ সক্ষম হোৱা নাই। ফলত বিষয় সন্দৰ্ভত বাইহাটা চাৰিআলিত ব্যাপক চৰ্চা লাভ কৰিছে।

কেৱল এয়াই নহয়, যোৱা ১০ আগষ্টৰ সন্ধিয়া আলিপুৱ গাওঁ নিবাসী আতোৱাৰ ৰহমান নামৰ লোকজনৰ বাসগৃহৰ পৰা জব্দ কৰা চাউল সন্দৰ্ভত ৰহস্যজনক ভাবে গাপ দি ৰখা হয় যদিও সম্প্ৰতি অসমীয়া প্ৰতিদিনে সমগ্ৰ ঘটনাৰ তথ্য পোহৰলৈ আনিছে। বিষয় সন্দৰ্ভত জানিব পৰা মতে, যোৱা ১০ আগষ্টৰ সন্ধিয়া আলিপুব নিবাসী আতোৱাৰ ৰহমানৰ পুত্ৰয় ফোনযোগে এ এচ ০১ জি চি ৮৫৪১ নম্বৰৰ ব'লেৰ পিক আপ ভেনখনৰ গৰাকীক তেওঁলোকৰ বাইহাটা চাৰিআলিস্থিত ব্যৱসায়িক প্ৰতিষ্ঠানলৈ মাতি আনে।

গৰাকী আহি উপস্থিত হোৱাত দুয়ো পিতা-পুত্ৰই বৰবংশৰ গাওঁ পঞ্চায়ত সমবায় সমিতি লিঃটেঃৰ অধীনৰ এজেণ্ট তুবুল আলীৰ সুলভ মূল্যৰ দোকানৰ পৰা কেইবেগমান চাউল আতোৱাৰৰ ঘৰত থৈ আহিব লাগে বুলি কৈ ভাৰাৰ বিনিময়ত পিক আপ ভেন খন বন্দবস্ত কৰে। সেই মৰ্মে বলেৰ খনৰ গৰাকীয়ে সন্ধিয়া প্ৰায় ৬-৪৫ বজাত তুবুল আলীৰ সুলভ মূল্যৰ দোকানৰ সন্মুখত উপস্থিত হোৱাত তুবুলে সুলভ মূল্যৰ দোকানৰ ভিতৰত থকা চাউলৰ বেগ কেইটা দেখুৱাই দিয়ে।

ফলত বলেৰ পিক আপ ভেনত প্ৰায় ৬৫ বেগ চাউল বোজাই কৰি তুবুলৰ সুলভ মূল্যৰ দোকান ঘৰৰ সমীপত থকা আতোৱাৰ ৰহমানৰ ঘৰৰ বাৰাণ্ডাত আটাইকেইটা বেগ নমায় থয়। সেই সময়ত উক্ত স্থানত আতোৱাৰৰ পুত্ৰও উপস্থিত থাকে।

চাউলৰ বেগ কেইটা নমাই থোৱাৰ পিছতে উক্ত স্থানত বাইহাটা চাৰিআলি থানাৰ আৰক্ষী উপস্থিত হয়। আৰক্ষীৰ উমান পায় আতোৱাৰৰ পৰিয়ালৰ আটায়ে পলায়ন কৰে যদিও আৰক্ষীয়ে চাউলৰ বেগ কেইটা জব্দ কৰাৰ লগতে পিক আপ ভেনখনো জব্দ কৰি থানালে লৈ আহে।

এই সন্দৰ্ভত বাইহাটা চাৰিআলি আৰক্ষীয়ে ২১৮/২২ নং যোগে এটা গোচৰ ৰুজু কৰে যদিও আজিলৈকে ঘটনাৰ সৈতে জড়িত এজনো অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে, বাইহাটা চাৰিআলি আৰক্ষীয়ে তদন্তৰ নামত গোচৰ ৰুজু কৰিয়েই দায়িত্ব সামৰা বুলি মত পোষণ কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত অভিযুক্ত সকলক অগ্ৰিম জামিন লাভ কৰাৰ সুযোগ প্ৰদান কৰা বুলি অভিযোগ উত্থাপিত হৈছে।

মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীৰ বৰবংশৰ গাওঁ পঞ্চায়ত সমবায় সমিতি লিঃটেঃৰ অধীনৰ এজেণ্টে সংঘটিত কৰা এনে কাণ্ডক লৈ উদ্বেগ প্ৰকাশ কৰিছে সচেতন সমাজে।