গুৱাহাটী-হাজোত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ : গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

গুৱাহাটী-হাজোত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ : গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

author-image
Asomiya Pratidin
New Update
গুৱাহাটী-হাজোত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ : গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

ডিজিটেল ডেস্ক : গুৱাহাটী-হাজোত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু হেৰ'ইন। গোপন সূত্ৰৰ পম খেদি চলা অসম আৰক্ষীৰ বিশেষ টাস্ক ফ'ৰ্চ আৰু মহানগৰ আৰক্ষীৰ যুটীয়া অভিযানত মণিপুৰৰ এটি ড্ৰাগছ সৰবৰাহকাৰী চক্ৰক গাড়ী আৰু হেৰ'ইনসহ আটক কৰে।

Advertisment

জানিব পৰা মতে দুই সৰবৰাহকাৰীয়ে AS 01 DT 2876 নম্বৰৰ বাহনখনৰে হাজোৰ পোৱামক্কা পাহাৰেৰে আহি থকা অৱস্থাত মহানগৰ আৰক্ষী আৰু বিশেষ টাস্ক ফ'ৰ্চে আটক কৰে। কামৰূপ মহানগৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠক আৰু অসম আৰক্ষীৰ বিশেষ টাস্ক ফ'ৰ্চৰ পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত যোৱা দলটোৱে পোৱামক্কা পাহাৰত দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে হেৰ'ইনখিনি জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ ভাষ্য অনুসৰি অভিযানত আৰক্ষীয়ে ১০০ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ, প্ৰায় ১.৩ কি.গ্ৰা হেৰ'ইন,৯০০ গ্ৰাম ওজনৰ ৬৫টা হেৰ'ইন ভৰ্তি পেকেট জব্দ কৰাৰ উপৰিও দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে আৰক্ষীক দেখি দুষ্ট চক্ৰটোৱে পলাবলৈ লওতেই বাহনখন পাহাৰৰ পৰা বাগৰি পৰে।

Also Read: জালুকবাৰীত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ...

Assam police crime