কাছাৰত বাৰ্মিজ চুপাৰীৰ‌ বিৰুদ্ধে‌ আৰক্ষীৰ অভিযানঃ গ্ৰেপ্তাৰ এজন

কাছাৰত বাৰ্মিজ চুপাৰীৰ‌ বিৰুদ্ধে‌ আৰক্ষীৰ অভিযান। গ্ৰেপ্তাৰ এজন।

author-image
Asomiya Pratidin
New Update
কাছাৰত বাৰ্মিজ চুপাৰীৰ‌ বিৰুদ্ধে‌ আৰক্ষীৰ অভিযানঃ গ্ৰেপ্তাৰ এজন

ডিজিটেল সংবাদ, শিলচৰ: কাছাৰত বাৰ্মিজ চুপাৰীৰ‌ বিৰুদ্ধে‌ আৰক্ষীৰ অভিযান। গোপন তথ্যৰ ভিত্তিত বৰখলা আৰক্ষীয়ে শনিবাৰে নিশা শিলচৰ- হাফলঙ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই এখন ট্ৰাকৰ পৰা বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ কৰে।

AS 26 AC-0201 নম্বৰৰ‌ট্ৰাক খনৰ‌ পৰা জব্দ কৰা হয় চুপাৰীখিনি। ট্ৰাক খনত গোপন চেম্বাৰ সাজি মিজোৰামৰ পৰা কাছাৰৰ মাজেৰে সৰবৰাহ কৰিছিল চুপাৰীখিনি।

ট্ৰাক খনৰ‌ পৰা কেইবা বস্তাও বাৰ্মিজ চুপাৰী জব্দ কৰে আৰক্ষীয়ে। জব্দ কৰা চুপাৰীৰ ওজন প্ৰায় পাচ শ কেজি। চুপাৰী খিনি কাছাৰ আৰু ডিমাহাছাও জিলাৰ মাজেৰে গুৱাহাটীলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছিল।

অবৈধ ভাবে চুপাৰী সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ৰছিদ আহমেদ নামৰ‌ ট্ৰাক চালকজনক গ্ৰেপ্তাৰ কৰে। ধৃত‌ চালকজনৰ ঘৰ‌ দৰং জিলাৰ বুৰিগাৱত বুলি সদৰী কৰিছে আৰক্ষীয়ে।

assampolice