
ডিজিটেল সংবাদ,কামপুৰ : সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত কলা শাখাত প্ৰথম স্থান দখল কৰা কামপুৰৰ চাংচকীৰ সংকল্প জ্যোতিক বিপুল সম্বৰ্ধনা। কৃতিমান সংকল্পক কামপুৰৰ বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে।
কৃৰ্তী ছাত্ৰজনক লৈ এতিয়া কামপুৰত উচাহৰ ধল বৈছে। কামপুৰৰ বিভিন্ন দল সংগঠনৰ লগতে বিভিন্ন ব্যক্তিয়ে সম্বৰ্ধনা জনাই মেধাৱী ছাত্ৰজনক। ছাত্ৰগৰাকীৰ নিজ গাঁও চাংচকীবাসীৰ লগতে কামপুৰ কবি সন্মিলন, কামপুৰ শাখা সাহিত্য সভা, প্ৰাক্তন আছু,গৰুবাট মৌজাৰ অসম গণ পৰিষদ আদি দল-সংগঠনে সম্বৰ্ধনা জনায়।