/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/results-2021.jpg)
ডিজিটেল ডেস্কঃ আজি ঘোষণা কৰিব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ ফলাফল। এই ফলাফলক লৈ অৱশ্যে পূৰ্বৰ দৰে ৰাজ্যত সৃষ্টি হোৱা নাই উৎসৱমুখৰ পৰিবেশ। শিক্ষাৰ্থী সকলৰ মাজতো ফলাফলক লৈ দেখিবলৈ পোৱা নাই উৎসুকতা।পৰীক্ষা পতা, নপতাৰ দোমোজাত থাকি অৱশেষত বিকল্প মাধ্যমেৰে ফলাফল ঘোষণা কৰা বিষয়ক লৈ সন্তুষ্ট নহয় ৰাজ্যৰ অধিকাংশ শিক্ষাৰ্থী আৰু অভিভাৱক।
কোভিড সংক্ৰমণৰ বাবে পোন প্ৰথমবাৰৰ বাবে পৰীক্ষা অনুষ্ঠিত নকৰাকৈ বিকল্প মূল্যায়ন পদ্ধতিৰে এই ফলাফল ঘোষণা কৰিব ছেবাই। দিনৰ ১১ বজাত শিক্ষাৰ্থীসকলে লাভ কৰিব তেওঁলোকৰ ফলাফলসমূহ।
এইবাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ ৪,২৬৫৫৩ গৰকী শিক্ষাৰ্থীৰ আৰু হাই মাদ্ৰাছাৰ ১২,২৭৫ গৰাকী শিক্ষাৰ্থীৰ ফলাফল বিকল্প পদ্ধতিৰে প্ৰদান কৰিব ছেবাই। এই ফলাফল সমূহ পাব পৰাকৈ ছেবাই মুঠ ১৪ টা ৱেবছাইটত ঘোষণা কৰিব ফলাফলসমূহ।