/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/matric-results.jpg)
ডিজিটেল ডেস্ক: ৭ জুনত ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল। এইবাৰ পৰীক্ষাৰ ফলাফল আৰু নম্বৰ তালিকা মুঠ ১৪ টা ৱেবচাইট যোগে ছাত্ৰ-ছাত্ৰী সকলে লাভ কৰিব। ৭ জুনৰ পুৱা ১০ বজাৰ পৰা ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ নম্বৰ তালিকা ডাউনলোড কৰি ল'ব পাৰিব।
পৰীক্ষাৰ ফলাফল আৰু মাৰ্কশ্বিট ডাউনলোড কৰিবৰ বাবে পৰীক্ষাৰ ৰোল নং আৰু নম্বৰ সংশ্লিষ্ট ৱেবচাইটৰ উপলব্ধ স্থানত পূৰণ কৰিব লাগিব। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ৪১৯৮৮৭ গৰাকী। ইয়াৰ ১ লাখ ৯৫ হাজাৰ ১৮১ গৰাকী ছাত্ৰ আৰু ২ লাখ ২৪ হাজাৰ ৭০৬ গৰাকী ছাত্ৰী।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল উপলব্ধ হ'বলগীয়া ৱেবচাইট কেইটা হ'ল-
results.sebaonline.org
resultsassam.nic.in
exametc.com
assamjobalerts.com
assamresult.in
necareer.com
আৰু পঢ়ক: যুৱ কংগ্ৰেছ আৰু আছুৰ নেতাৰ অগপত যোগদান