কাহিলিপাৰাৰ পৰা হেৰাইছিল প্ৰশ্ন কাকতৰ টোপোলা ! CID য়ে ৩ জনক চলাইছে জেৰা, ছেবাৰ ২ বিষয়াকো তলব...

কাহিলিপাৰাৰ পৰা হেৰাইছিল প্ৰশ্ন কাকতৰ টোপোলা ! CID য়ে ৩ জনক চলাইছে জেৰা, ছেবাৰ ২ বিষয়াকো তলব...
কাহিলিপাৰাৰ পৰা হেৰাইছিল প্ৰশ্ন কাকতৰ টোপোলা ! CID য়ে ৩ জনক চলাইছে জেৰা, ছেবাৰ ২ বিষয়াকো তলব...

ডিজিটেল ডেস্কঃ এটা পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰা ছেবাৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰতিবাদ। সকলোৱে একমুখে ধিক্কাৰ দিছে ছেবা আৰু ৰাজ্যিৰ শিক্ষা বিভাগক।

সকলোৰে দাবী ছেবাৰ অধ্যক্ষ ৰমেশ জৈন আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক। এনে প্ৰতিবাদ, দাবীৰ মাজতেই প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত চি আই ডিয়ে আৰম্ভ কৰিছে তদন্ত।

এই পৰ্যন্ত চি আই ডিয়ে সন্দেহৰ ভিত্তিত ৩ জনক জেৰা অব্যাহত ৰাখিছে। গুৱাহাটীৰ কাহিলিপাৰাস্থিত ভাউৰী দেৱী ছাৰাউগী মুকবধিৰ বিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰীক জেৰা অব্যাহত ৰাখিছে চি আই ডিয়ে।

চি আই ডিয়ে জেৰা চলাই থকা শিক্ষক, কৰ্মচাৰী ৩ জন হৈছে জ্যোতিৰেখা বৰগোহাঁই হেৰম্ব কুমাৰ দাস আৰু বিন্দেশ্বৰ তিমুং। উল্লেখ্য যে, ভাউৰী দেৱী ছাৰাউগী মুকবধিৰ বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্ন কাকতৰ এটা টোপোলা হেৰাইছিল।

সেই প্ৰশ্ন কাকতৰ টোপোলা ক'ত, কেনেকৈ হেৰাল সেই সন্দৰ্ভত সোধপোছ অব্যাহত ৰাখিছে। চি আই ডিয়ে। উল্লেখ্য যে, ১৩ মাৰ্চ সোমবাৰে অনুষ্ঠিত হ'বলগীয়া বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত দেওবাৰেই ফাদিল হোৱাৰ বাবে মাজনিশা ছেবাই বাতিল কৰিছিল বিজ্ঞান পৰীক্ষা।

তাৰ পাছতেই ৰাজ্যজুৰি আৰম্ভ হৈছিল প্ৰতিক্ৰিয়া আৰু পুৱাৰ পৰা আৰম্ভ হৈছে প্ৰতিবাদ। এনে প্ৰতিবাদৰ মাজতে প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে অসম আৰক্ষীৰ ওচৰত এক গোচৰ দাখিল কৰিছিল যদিও সেই গোচৰ চি আই ডিলৈ হস্তান্তৰ কৰা হৈছে।

চি আই ডিত ৰুজু হোৱা গোচৰটোৰ নম্বৰ হৈছে ৩/২৩। এই গোচৰৰ ভিত্তিতে আৰম্ভ হৈছে তদন্ত। প্ৰাৰম্ভিকতে ভাউৰী দেৱী ছাৰাউগী মুকবধিৰ বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ পৰা পৰীক্ষাৰ পূৰ্বে কেনেকৈ এটা প্ৰশ্ন কাকতৰ টোপোলা হেৰাইছিল আৰু প্ৰশ্ন কাকত ফাদিল হোৱাৰ আঁৰত এই হেৰুওৱা প্ৰশ্ন কাকতৰ টোপোলাৰ কিবা সংযোগ আছে নেকি সেই সন্দৰ্ভত চলাই থকা হৈছে তদন্ত।

এই তদন্তৰ আওঁতালৈ ছেবাৰ বিষয়া, কৰ্মচাৰীও অহাৰ সম্ভাৱনা আছে। ইতিমধ্যে চি আই ডিয়ে ছেবাৰ মুখ্য পৰীক্ষা নিয়ন্ত্ৰক জিমলি কাকতি শইকীয়া আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাক তলব কৰিছে। দুয়োজন বিষয়া গৈ চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হৈছে। তেওঁলোক দুজনকো চি আই ডিয়ে জেৰা চলোৱাৰ সম্ভাৱনা আছে।

কাহিলিপাৰাৰ পৰা হেৰাইছিল প্ৰশ্ন কাকতৰ টোপোলা ! CID য়ে ৩ জনক চলাইছে জেৰা, ছেবাৰ ২ বিষয়াকো তলব...
'নাটু নাটু' লৈ Best Original Song Award

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in