আজিৰে পৰা আৰম্ভ মেট্ৰিক-উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা…

আজিৰে পৰা আৰম্ভ মেট্ৰিক-উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা…

author-image
asomiyapratidin
New Update
৯ বজাৰ পৰীক্ষা ১১ বজাতঃ শিক্ষা বিভাগৰ কাণ্ডত দুৰ্ভোগ শিক্ষাৰ্থীৰ…

ডিজিটেল ডেস্ক: আজি অৰ্থাৎ মঙলবাৰৰ পৰা ৰাজ্যত আৰম্ভ হাইস্কুল শিক্ষান্ত, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। বহু বাক-বিতণ্ডাৰ পাছতো পুৰণি প্ৰশ্ন কাকতেৰেই হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু অসম মাধ্যমিক শিক্ষা পৰিষদ। লগতে উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ।

এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৪,১৯,৮৮৭ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ লগতে হাইমাদ্ৰাছাত অৱতীৰ্ণ হ'ব ১১,২৪৫ গৰাকী শিক্ষাৰ্থী। এইবাৰ মেট্ৰিক পৰীক্ষাত দিব্যাংগ সকলৰ ভিতৰত ২১ গৰাকী দৃষ্টিহীন আৰু ৪৬ গৰাকী মূক-বধিৰ পৰিক্ষাৰ্থী অৱতীৰ্ণ হ'ব । ইয়াকে ধৰি মুঠ ৪,৩১,১৩২ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হব মেট্ৰিক পৰীক্ষাত।ৰাজ্যৰ প্ৰায় ৯০৩ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা।

অন্যহাতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হ'ব ২,১৫,০২২ গৰাকী পৰীক্ষাৰ্থী। ৰাজ্যৰ ৭৯৬ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা। উল্লেখ্য যে এইবাৰ পৰীক্ষাৰ্থীয়ে প্ৰশ্ন কাকত পঢ়িবলৈ অতিৰিক্ত ১৫ মিনিট সময় লাভ কৰিব।

hs assam seba hslc