১৫ মাৰ্চৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা; কেনে প্ৰস্তুতি ছাত্ৰ-ছাত্ৰীৰ

১৫ মাৰ্চৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা; কেনে প্ৰস্তুতি ছাত্ৰ-ছাত্ৰীৰ

author-image
asomiyapratidin
New Update
১৫ মাৰ্চৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা; কেনে প্ৰস্তুতি  ছাত্ৰ-ছাত্ৰীৰ

ডিজিটেল ডেস্ক: কভিডৰ বাবে এটা বছৰ অনুষ্ঠিত হোৱা নাছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা। ২০২১ বৰ্ষত পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে পূৰ্বৰ পৰীক্ষাৰ আধাৰত বিশেষ মূল্যায়েনেৰে ছাত্ৰ-ছাত্ৰী সকলক উত্তীৰ্ণ কৰি দিয়া হৈছিল। এবছৰৰ বিৰতিৰ পাছত পুনৰ ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা। ইতিমধ্যে এই পৰীক্ষাৰ প্ৰক্টিকেল পৰীক্ষা সমূহ অনুষ্ঠিত হৈ গৈছে।

Advertisment

নিয়মীয়া পাঠদানৰ পৰা বঞ্চিত আৰু কভিডসৃষ্ট পৰিৱেশৰ মাজত ছাত্ৰ-ছাত্ৰী সকলে পৰীক্ষাৰ বাবে কেনে প্ৰস্তুতি চলাইছে এই সন্দৰ্ভত কেইবাগৰাকী অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে 'অসমীয়া প্ৰতিদিন ডিজিটেলে' যোগাযোগ কৰিছিল। পৰীক্ষাৰ বাবে অভিনন্দন জনাই খুব কম সময়ৰ বাবে পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত জানিবলৈ বিচৰাত এজন শিক্ষাৰ্থীয়ে ক'লে ২০২১ বৰ্ষৰ প্ৰশ্ন কাকতেৰে পৰীক্ষা অনুষ্ঠিত কৰাক লৈ যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সেই প্ৰতিক্ৰিয়াই তেওঁলোকৰ মনতো কিছু সন্দেহৰ সৃষ্টি কৰিছে। অৱশ্যে সেইবোৰ কথালৈ মন নিদি পৰীক্ষাৰ বাবে দৈনিক ৮-৯ ঘন্টাকৈ অধ্য়য়ন কৰা বুলি তেওঁ জনায়।

ইফালে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব নে নহয় তাক লৈ আশংকাৰ মাজত থকা বুলি জানিবলৈ দিলে মহানগৰীৰ এজন অভিভাৱকে। তেওঁ কয় আগতে মেট্ৰিক পৰীক্ষা মানে এক উৎসৱ মুখৰ পৰিৱেশ আছিল এতিয়া এই পৰীক্ষা কেতিয়া অনুষ্ঠিত হয় বহুতেই গ'মেই নাপায়। জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষা হিচাপে মেট্ৰিক পৰীক্ষা দিবলৈ যোৱাৰ সময়ত পৰিয়াল তথা ওচৰ-চুবুৰীয়া সকলে ছাত্ৰ-ছাত্ৰী সকলৰ খবৰ ৰাখে। কভিডৰ পাছত পুনৰ পৰীক্ষা অনুষ্ঠিত হোৱাটোৱে ইতিবাচক দিশ বুলি তেওঁ মন্তব্য কৰে।

ডিব্ৰুগড়ৰ মেধাবী এজন ছাত্ৰই অসমীয়া প্ৰতিদিন ডিজিটেলক কয় যে পৰীক্ষাৰ বাবে শিক্ষাগুৰু সকলৰ তত্বাৱধানত যি প্ৰস্তুতি চলোৱা হয় তাৰ পৰা এইবাৰ তেওঁলোক বঞ্চিত হয়। নিজাববীয়াকৈ সকলো বিষয় ঘৰতে অধ্যয়ন কৰি পৰীক্ষাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলাই ১৫ মাৰ্চৰ পৰা পৰীক্ষাত বহিবলৈ তেওঁ সাজু বুলি জানিবলৈ দিয়ে।

কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে মাজত বিদ্যালয় বন্ধ হোৱাৰ বাবে তেওঁলোকৰ প্ৰস্তুতিত প্ৰভাৱ পৰিছে বুলি সদৰি কৰিছে। তাৰ মাজতে অনলাইন ক্লাছ আৰু কিছুদিনৰ পৰা শ্ৰেণী সমূহ আৰম্ভ হোৱাত আগৰ দৰেই স্বাভাৱিকভাৱে ৰাজ্যৰ শিক্ষাখণ্ডত এইধৰণৰ গুৰুত্বপূৰ্ণ পৰীক্ষাবোৰ অনুষ্ঠিত হ'ব বুলি আশাবাদী তেওঁলোক।

পৰীক্ষা অনুষ্ঠিত নোহোৱাতকৈ পৰীক্ষা পাতি নম্বৰৰ ভিত্তিত ফলাফল ঘোষণা কৰাৰ গুৰুত্ব দিছে অভিভাৱক সকলে। উল্লেখযোগ্য যে ২০২১ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈ ফলাফল ঘোষণা কৰা হৈছিল।২০২১ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ আছিল ৯৩ শতাংশ। ২০২০ বৰ্ষত এই হাৰ আছিল ৬৫ শতাংশ।

১৫ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰস্তুতিও সম্পূৰ্ণ হৈ উঠিছে। এই পৰীক্ষাত মুঠ ৪ লাখ ৩১ হাজাৰ ১৩২ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ'ব।

assam education hslc