/asomiyapratidin/media/media_files/2025/02/15/6BhXGV88IFiPzOr6PtVE.jpg)
ডিজিটেল ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথমটো দিনতেই এগৰাকী প্ৰধান শিক্ষকক নিলম্বন কৰিলে মাধ্যমিক সঞ্চালকে। উল্লেখ্য যে, আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা এই পৰীক্ষাক কেন্দ্ৰ কৰি তামলপুৰ জিলাৰ গোৰেশ্বৰৰ গাছবাৰী হাইস্কুল কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সূচনা হয়।
অভিযোগ অনুসৰি এই পৰীক্ষা কেন্দ্ৰলৈ আধাঘণ্টা পলমকৈ অনা হ’ল প্ৰশ্ন কাকত। সেয়ে পৰীক্ষা কেন্দ্ৰত উপস্থিত থকা অভিভাৱকসকলে উত্তপ্ত পৰিস্থিতিৰ সূচনা কৰে।
বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ গাফিলতিৰ বাবেই এনে পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি দাবী কৰে অভিভাৱকসকলে। তেওঁলোকে প্ৰশ্নকাকত আধাঘণ্টা পলমকৈ আহি পোৱাত পৰীক্ষাৰ সময়ো বৃদ্ধিৰ দাবী তোলে।
এই ঘটনাৰ পিছতে পৰীক্ষা কেন্দ্ৰৰ গাফিলতিৰ অভিযোগত প্ৰধান শিক্ষক অশোক চৌধুৰীক নিলম্বন কৰে মাধ্যমিক সঞ্চালক মমতা হোজাইয়ে। উল্লেখ্য যে, আজি পুৱা ৯ বজাৰ পৰাই আৰম্ভ হৈছে ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষা ।
এইবাৰ ৰাজ্যত মুঠ ৪,২৯,৪৪৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে । তাৰ ভিতৰত ১,৯০,৬৫৩ জন ছাত্ৰ আৰু ২,৩৮,৭৯৫ গৰাকী ছাত্ৰী । ইফালে প্ৰথমবাৰলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰিচালনা কৰিছে ।
বিগত বৰ্ষৰ তুলনাত এইবাৰ পৰীক্ষাৰ্থী সংখ্যা বৃদ্ধি পাইছে। ২০২৫ বৰ্ষত ৮,৭২০ গৰাকী পৰীক্ষাৰ্থী বৃদ্ধি পাইছে। সমান্তৰালকৈ পৰীক্ষা কেন্দ্ৰৰ সংখ্যাও বৃদ্ধি কৰা হৈছে। মুঠ ৯৪৪ টা কেন্দ্ৰত অনুষ্ঠিত হৈছে এই পৰীক্ষা। প্ৰথম দিনা ইংৰাজী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হৈছে।