/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/seba.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে। শুকুৰবাৰে দিনৰ প্ৰায় ১১ বজাত ঘোষণা কৰা হয় এই ফলাফল।
ঘোষিত ফলাফল অনুযায়ী ৪০৩ গৰাকী পৰীক্ষাৰ্থীয়ে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থান লাভ কৰিছে ৮,৬৮১ গৰাকী পৰীক্ষাৰ্থীয়ে।তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ১১, ৮৯৬ গৰাকী।
কেবাবছৰৰ বিৰতিৰ অন্তত আয়োজন কৰা এই কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হৈছিল সৰ্বমুঠ ৪২,৪১৮ গৰাকী পৰীক্ষাৰ্থী। আনহাতে হাইমাদ্ৰাছাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ৯৮৬ গৰাকী পৰীক্ষাৰ্থীৰ ৫৩৬ গৰাকীয়ে উত্তীৰ্ণ হ'বলৈ সমৰ্থ হৈছে।
ইফালে, মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰি তিতাবৰৰ শান্তিপুৰত এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰে। ছাত্ৰীগৰাকীৰ নাম ৰুবী শইকীয়া। তিতাবৰ টাউন হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা দি অনুত্তীৰ্ণ হৈছিল ছাত্ৰীগৰাকী। ঘৰত কোনো নথকা অৱস্থাত ঘৰৰ ভিতৰতে আত্মহনন কৰে ছাত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us