ৰাজ্যৰ ৯০৩ টা পৰীক্ষা কেন্দ্ৰত ৪৩২৮৮৪ গৰাকী শিক্ষাৰ্থীৰে অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা…

ৰাজ্যৰ ৯০৩ টা পৰীক্ষা কেন্দ্ৰত ৪৩২৮৮৪ গৰাকী শিক্ষাৰ্থীৰে অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা…

author-image
asomiyapratidin
New Update
ৰাজ্যৰ ৯০৩ টা পৰীক্ষা কেন্দ্ৰত  ৪৩২৮৮৪ গৰাকী শিক্ষাৰ্থীৰে অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা…

ডিজিটেল ডেস্কঃ ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা। আনহাতে এই পৰীক্ষা সমাপ্ত হ'ব ৩১ মাৰ্চত। ইতিমধ্যে অসম মাধ্যমিক শিক্ষা পৰিষদে পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে। এইবাৰ এই পৰীক্ষাত মুঠ ৪২১৫৭৮ গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ন হ'ব। ইয়াৰ ভিতৰত ১৯৬০৬৪ ছাত্ৰ আৰু ২২৫৫১৪ গৰাকী ছাত্ৰী।

Advertisment

আনহাতে অসম হাই মাদ্ৰাছা পৰীক্ষাত মুঠ ১১৩০৬ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ন হ'ব। ইয়াৰ ভিতৰত ৪২১৮ গৰাকী ছাত্ৰ আৰু ৭০৮৮ গৰাকী ছাত্ৰী। সেই অনুসৰি এইছ এছ এল চি আৰু এ এইছ এম দুয়োটা পৰীক্ষা মিলি মুঠ ৪৩২৮৮৪ গৰাকী পৰীক্ষাত অৱতীৰ্ন হ'ব। আনহাতে এইবাৰ এই পৰীক্ষা মুঠ ৯০৩ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব।

উল্লেখ্য যে, ইতিমধ্যে ঘোষিত সূচী অনুসৰি ৪ আৰু ৫ মাৰ্চত অনুষ্ঠিত হ'ব ব্যৱহাৰিক পৰীক্ষা। কোৰোনা কেন্দ্ৰীক পৰিৱেশ-পৰিস্থিতিৰ বাবে বিগত বৰ্ষত মেট্ৰিক, হাইমাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল ।