বিজ্ঞান শাখাৰ তৃতীয় স্থানত প্ৰাৰ্থনা, উৎসৱ মুখৰ পৰিৱেশ বিশ্বনাথত

এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত তৃতীয় স্থান লাভ কৰিছে প্ৰাৰ্থনা প্ৰিয়ম শইকীয়াই।

author-image
Asomiya Pratidin
New Update
বিজ্ঞান শাখাৰ তৃতীয় স্থানত প্ৰাৰ্থনা, উৎসৱ মুখৰ পৰিৱেশ বিশ্বনাথত

ডিজিটেল ডেস্কঃ এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত তৃতীয় স্থান লাভ কৰিছে প্ৰাৰ্থনা প্ৰিয়ম শইকীয়াই। নগাঁৱৰ ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰা তৃতীয় স্থান লাভ কৰা প্ৰাৰ্থনাৰ ঘৰ বিশ্বনাথ চাৰিআলিৰ নগাঁৱত।

সৰ্বানন্দ শইকীয়া আৰু আল্পনা শইকীয়াৰ একমাত্ৰ কন্যা প্ৰাৰ্থনা। এই ফলাফল লাভ কৰাৰ পাছতেই এক উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হৈছে বিশ্বনাথ চাৰিআলিত। উল্লেখ্য যে, প্ৰাৰ্থনাই ৫০০ নম্বৰৰ ভিতৰত ৪৭৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

Also Read: বাণিজ্য শাখাৰ শীৰ্ষ ১০ ত কোন কোন...

higher secondary result