New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-1.jpg)
- বামুনীমৈদামস্থিত SEBA ৰ কাৰ্যালয়ত শিক্ষামন্ত্রী ৰণুজ পেগুৰ সংবাদমেল সম্বোধন।
- হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যায়ন পদ্ধতি সন্দৰ্ভত এই সংবাদমেল।
- পৰীক্ষাৰ ফলাফলৰ আৰ্হি প্ৰস্তুত কৰিবলৈ গঠন কৰি দিয়া দুয়োখন উচ্চস্তৰীয় সমিতিয়ে দাখিল কৰিছিল প্রতিবেদন।
- সংবাদ মেলত শিক্ষামন্ত্ৰীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যায়নৰ পদ্ধতি ঘোষণা।
- ৩১ জুলাইৰ ভিতৰত ঘোষণা হ'ব ফলাফল।
- এই ফলাফল ঘোষণাৰ ক্ষেত্ৰত নৱম শ্রেণীৰ ফলাফলৰ পৰা লোৱা হ'ব ৪০শতাংশ নম্বৰ ।
- দশম শ্রেণীৰ ফলাফলৰ পৰা লোৱা হ'ব ৪০ শতাংশ নম্বৰ নম্বৰ।
- বাকী ২০ শতাংশ নম্বৰ লোৱা হ'ব বিদ্যালয়ৰ উপস্থিতি আৰু অন্যান্যৰ পৰা।
- যদি দশম শ্রেণীৰ নম্বৰ নাথাকে তেনেহ'লে নৱম শ্রেণীৰ পৰা লোৱা হ'ব ৭০ শতাংশ নম্বৰ।
- বাকী ৩০ শতাংশ নম্বৰ লোৱা হ'ব অন্যান্য ফলাফলৰ পৰা।
- বিশেষভাৱে সক্ষম শিক্ষাৰ্থীৰ ক্ষেত্রত বিদ্যালয়ে দিব নম্বৰ।
- উচ্চতৰ মাধ্যমিকৰ বাবে ৪ টা বিভাগৰ সুকীয়া পদ্ধতিত ফলাফল নিৰ্ণয় কৰা হৈছে।
- 'উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ ক্ষেত্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা ৩ বিষয়ৰ পৰা লোৱা হ'ব ৫০ শতাংশ নম্বৰ।
- কলা আৰু বিজ্ঞান শাখাৰ ব্যৱহাৰিক বিষয় থকাৰ বাবে এই পদ্ধতি গ্ৰহণ কৰা হৈছে।
- উচ্চতৰ মাধ্যমিকৰ ২টা বছৰৰ শৈক্ষিক ক্রিয়া কলাপৰ পৰা লোৱা হ'ব ১০ শতাংশ নম্বৰ।
- ব্যৱহাৰিক পৰীক্ষাৰ পৰা লোৱা হ'ব ৩০ শতাংশ নম্বৰ।
- কলা-বাণিজ্যৰ ব্যৱহাৰিক বিষয় নথকা ছাত্ৰসকলৰ বাবে লোৱা হ'ব সুকীয়া পদ্ধতি।
- যিসকলৰ ব্যৱহাৰিক বিষয় নাই তেওঁলোকৰ বাবে ২টা বছৰৰ শৈক্ষিক ক্রিয়া কলাপৰ পৰা লোৱা হ'ব ৪০ শতাংশ নম্বৰ।
- উচ্চতৰ মাধ্যমিকত নাথাকিব শীৰ্ষ ১০টা স্থানৰ লগতে ষ্টাৰ আৰু ডিষ্ট্রিংচন নম্বৰ।
- বিগত ৩ বছৰৰ ফলাফলৰ হাৰৰ ১০ শতাংশ তাৰতম্য হ'ব পাৰে।
- এই মূল্যায়ন পদ্ধতিত সন্তুষ্ট নহ'লে ছাত্র-ছাত্রীয়ে পৰীক্ষাত বহিব পাৰিব।
- ১৫ ছেপ্তেম্বৰৰ ভিতৰত অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবে হ'ব বিশেষ পৰীক্ষা।
- এই পৰীক্ষাত বহিবলৈ ছাত্র-ছাত্রীয়ে আবেদন কৰিব লাগিব। আবেদনৰ ভিত্তিতে হ'ব এই পৰীক্ষা।
- সকলো বিদ্যালয়তে আছে আভ্যন্তৰীণ মূল্যায়ণৰ নম্বৰ।
- এই বৰ্ষৰ শিক্ষাৰ্থীসকলে টেটৰ বাবে বহিব লাগিব বিশেষ পৰীক্ষাত।
- অন্যান্য চৰকাৰী চাকৰিৰ বাবেও বাহাল থাকিব অনুৰূপ নিয়ম।
- ভবিষ্যতে অসম চৰকাৰৰ চাকৰিত নিযুক্তি পাবলৈ এই বৰ্ষৰ শিক্ষাৰ্থীয়ে বহিব লাগিব বিশেষ পৰীক্ষাত।
- হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমকিৰ শিক্ষাৰ নম্বৰ প্রয়োজন হোৱা নিযুক্তিত বহিব লাগিব এই বিশেষ পৰীক্ষাত।
- ভবিষ্যতে চৰকাৰী চাকৰিৰ পৰীক্ষাৰ বাবে শিক্ষাৰ্থীসকলে এতিয়াই কৰিব পাৰিব আবেদন।