/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/untitled_design_7.png)
প্ৰতীকি ফটো
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত শনিবাৰে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। পুৱা ৯ বজাত এই ফলাফল ঘোষণা কৰা হ'ব বুলি সদৰি কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদে। শিক্ষা সংসদৰ তথ্য অনুসৰি এইবাৰ ২,৪২,৮৪৩গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছে। ইয়াৰে ১,৮৬,১৮৭গৰাকী কলা শাখাৰ শিক্ষাৰ্থী, ৩৭,৪৫৫গৰাকী বিজ্ঞান শাখাৰ শিক্ষাৰ্থী আৰু ১৮,২৯১গৰাকী শিক্ষাৰ্থী বাণিজ্য শাখাৰ ছাত্ৰ-ছাত্ৰী।
পৰীক্ষাৰ্থীসকলে পুৱা ৯ বজাৰ পৰা অনলাইনযোগে পৰীক্ষাৰ ফলাফলসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। এইবাৰ 'উপলব্ধ' নামৰ এটা মোবাইল এপৰ জৰিয়তেও পৰীক্ষাৰ ফলাফলসমূহ ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব পাৰিব। তদুপৰি উচ্চতম মাধ্যমিক পৰীক্ষাৰ ফলাফল প্ৰকাশ পাব লগা ৱেবছাইট কেইটা হ'ল-
http://www.hsinfo.in, wwwahsec.nic.in, www.indiaResults.com
http://www.knowyourresult.com, www.ExamResult.net
http://www.resultd.shiksha, www.exametc.com